অসম

assam

ETV Bharat / state

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা

ব'হাগ মাহটোতে বিহুৰ সামৰণি মাৰিবলৈ আহ্বান জনপ্ৰিয় অভিনেত্ৰী অনন্যা শইকীয়াৰ ৷

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা

By

Published : Apr 27, 2019, 9:06 PM IST

বৰপেটা, ২৭ এপ্ৰিলঃ ব'হাগ মাথো এটি ঋতু নহয়, নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ । অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহুটি উদযাপন সত্ৰ নগৰী বৰপেটাত । উদুলি-মুদুলি বিহুতলিৰ বাকৰি । সাজি-কাছি আহিলে সকলো বিহুতলিলৈ ।

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা

বিহু বুলিলেই অসমীয়াৰ আনন্দত নাচি উঠে আমাৰ সকলোৰে মন-প্ৰাণ । ৰাজ্যৰ সকলো প্ৰান্ততে উলহ-মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ৰঙালী বিহুটি । পিছপৰি ৰোৱা নাই বৰপেটাৰ বিহু-বলীয়া ৰাইজো । এই বেলি দুকুৰি এবছৰত ভৰি দিলে বৰপেটা কেন্দ্ৰীয় বিহ সন্মিলনীয়ে । বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰিলে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী অনন্যা শইকীয়াই । গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ লগতে বিহুৱা -বিহুৱতীৰ বিহু নৃত্য, বড়ো, ৰাভা, নেপালী লোককৃষ্টিয়ে সমন্বয় মিলন তীৰ্থলৈ পৰিণত কৰিলে বৰপেটাৰ আকাশ-বতাহ ।

অধিক জানিবলৈ- বাক্সাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ফেশ্বন শ্ব'

ABOUT THE AUTHOR

...view details