অসম

assam

By

Published : Jun 16, 2022, 12:18 PM IST

ETV Bharat / state

যিকোনো বাধা নেওচি কৃত্ৰিম বান ৰোধ কৰিব বৰপেটাৰ উপায়ুক্তই

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (Artificial flood in Kalgachia block primary health centre) চৌহদৰ লগতে কৰ্মচাৰীৰ আবাসিক এলেকা একাঁঠু পৰ্যন্ত পানী জমা হৈছে ৷ যাৰবাবে চিকিৎসালয়ৰ সকলো সেৱা বন্ধ থকাৰ লগতে কৰ্মচাৰীৰ আবাসিক কোঠাত পানী হোৱাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে । বৰপেটা জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই চিকিৎসালয়খনৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ ইয়াৰ সমাধানৰ আশ্বাস দিয়ে(Flood in Assam) ৷

artificial-flood-in-kalgachia-block-primary-health-centre
কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

জনীয়া, 16 জুন :কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৃত্ৰিম বানৰ সমস্যা এইবাৰ সমাধান কৰা হ’ব ৷ এই দাবী বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ । বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি কৃত্ৰিম বানে এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে(Incessant rainfall brings artificial floods) ৷

বৰপেটা জিলাতো কৃত্ৰিম বানৰ ফলত সাধাৰণ জনতাই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে(Artificial floods in Barpeta) ৷ বিশেষকৈ কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোও কৃত্ৰিম বানৰ কৱলত পৰাত চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগতে ৰোগী ৷ চিকিৎসালয় চৌহদত নলা নথকাৰ বাবেই প্ৰত্যেক বছৰে কৃত্ৰিম বানৰ বাবে যমৰ-যাতনা ভোগ কৰিবলগীয়া হয় চিকিৎসালয়খনৰ কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে ।

এইবাৰো কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিকিৎসালয়খনৰ কাৰ্যালয়কে ধৰি প্ৰত্যেকটো কোঠাতে একাঁঠু পৰ্যন্ত পানী জমা হৈ কাৰ্যালয়খনৰ বহু নথি-পত্ৰ আৰু ঔষধ নষ্ট হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই । ইয়াৰোপৰিও চিকিৎসালয়খনৰ কৰ্মচাৰীৰ আবাসিক কোঠাতো পানী সোমোৱাত তেওঁলোক ব্যাপক সমস্যাৰ সন্মুখীন হয় ৷ এনে পৰিস্থিতিত অতি সোনকালে চিকিৎসালয়খনৰ চৌদিশে নলা-নিৰ্মাণ কৰি কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ভুক্তভোগী কৰ্মচাৰীয়ে ।

কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

উল্লেখ্য যে, ২০২১ চনত চিকিৎসালয়খনত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত বিভাগীয় কৰ্তৃপক্ষই নলা নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিও সেয়া সাময়িকভাৱে স্থগিত ৰাখিছিল । কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা চিকিৎসালয়খনৰ চৌহদত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । চক্ৰ বিষয়াগৰাকীৰ পাছতেই বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালো চিকিৎসালয়খনত উপস্থিত হয় আৰু এইবাৰ কোনো বাধাই নেমানো বুলি মন্তব্য কৰি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ দাবী কৰে ৷

লগতে পঢ়ক :Artificial floods in Barpeta : কৃত্ৰিম বানৰ কবলত বৰপেটাৰ হাউলি

ABOUT THE AUTHOR

...view details