অসম

assam

ETV Bharat / state

কংগ্ৰেছ-এ আই ইউ ডি এফৰ গোপন মিতিৰালি !!

বৰপেটাত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ? তাক লৈ চলিছে জল্পনা-কল্পনা

By

Published : Mar 26, 2019, 3:59 PM IST

Updated : Mar 26, 2019, 6:42 PM IST

কোন হ'ব বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ?

বৰপেটা, 26 মাৰ্চঃবৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিত এ আই ডি ইউ এফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাচতেই স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে গোপন বুজাবুজিত আৱদ্ধ হৈছে নেকি কংগ্ৰেছ- এ আই ডি ইউ এফ দল ৷ কংগ্ৰেছ- এ আই ডি ইউ এফৰ মাজৰ এই গোপন মিত্ৰতাৰ চৰ্চা হৈ থকাৰ সময়তে বৰপেটাত কাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব তাক লৈ জিলা কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে ব্যাপক জল্পনা-কল্পনাৰ ৷

কোন হ'ব বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ?

ইপিনে বৰপেটাত শক্তিশালী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ দাবী বৰপেটা জিলা কংগ্ৰেছৰ ৷ বৰপেটাত বলিছে কংগ্ৰেছৰ সপক্ষে বতাহ সেয়েহে বৰপেটাত জিলা কংগ্ৰেছক লাগে জয়ৰ সম্ভাৱনা থকা শক্তিশালী প্ৰাৰ্থী ৷ জিলা কংগ্ৰেছৰ আশা, হাইকমাণ্ডে গুৰুত্ব প্ৰদান কৰিব তৃণমূল কৰ্মীৰ দাবীক ৷যদিহে জিলা কংগ্ৰেছৰ দাবীৰ বিপৰীতে বৰপেটাত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কংগ্ৰেছৰ মাজতে অন্তঃকন্দলৰ সৃষ্টি হোৱাটো নিশ্চিত হৈ পৰিছে ৷

Last Updated : Mar 26, 2019, 6:42 PM IST

ABOUT THE AUTHOR

...view details