অসম

assam

ETV Bharat / state

GUৰ পিছতে এইবাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন - contractual teacher case at Bhattadev University

ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে (Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয় সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷ যাৰ ফলত কৰ্তন কৰা হ’ল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ (Bhattadev University) ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি ৷

as_01_barpeta_contractual teacher case at Bhattadev University_vis_ASC10080
GU ৰ পিছতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন

By

Published : Jul 19, 2021, 1:37 PM IST

বৰপেটা, 19 জুলাই :ৰাজ্যপালৰ এক নতুন নিৰ্দেশনাই বিপদত পেলাইছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ (Bhattadev University) ছাত্ৰ-ছাত্ৰীৰ লগতে ঠিকা ভিত্তিক শিক্ষক সকলক । মহামাৰী ক’ৰণাই একাংশ লোকৰ কৰ্ম সংস্থাপন কাঢ়ি নিয়াৰ সময়তে সংস্থাপনহীন হৈ পৰিল এই ঠিকা ভিত্তিক শিক্ষক সকল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ কৰ্তন হ’ল চাকৰি ৷

বহু দিন ধৰি স্থায়ী শিক্ষক আৰু আন্তঃগঠনিৰ অভাৱতে চলি আছে বিশ্ববিদ্যালয়খন । 2018 চনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে কেইবাটাও বিভাগত অতিৰিক্ত অতিথি বা ঠিকা ভিত্তিক শিক্ষকক নিযুক্তি দিয়া হৈছিল ৷ ঠিকা ভিত্তিক শিক্ষকৰ দ্বাৰাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান চলাই আছিল কৰ্তৃপক্ষই ৷

GUৰ পিছতে এইবাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন

কিন্তু হঠাৎ এক পত্ৰযোগে আচাৰ্যৰ নিৰ্দেশ অহাৰ পিছত সেই শিক্ষকসকলক এখন জাননীযোগে অব্যাহতি দিবলগীয়া হয় বিশ্ববিদ্যালয় কতৃপক্ষই ।

শিক্ষক-শিক্ষয়ত্ৰীসকলক অব্যাহতি দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলো পৰিছে বিপাঙত ৷ এই নিৰ্দেশত ছাত্ৰ-ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন বিষয়ক কেন্দ্ৰ কৰি এতিয়া বৌদ্ধিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

GUৰ পিছতে এইবাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন

উল্লেখ্য যে, বিগত কিছুদিনৰ পূৰ্বে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে (Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয়সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত বিগত 2 জুলাই তাৰিখ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এক নিৰ্দেশনা যোগে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত নিযুক্ত হৈ থকা ঠিকাভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ কথা সদৰি কৰে ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে জাঙুৰ খাই উঠে ৰাজ্যৰ বিভিন্ন সচেতন মহলৰ লগতে দল-সংগঠনসমূহ ৷

অৱশেষত, চৰ্ত সাপেক্ষে বাতিল কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati university) ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বাতিলৰ সিদ্ধান্ত ৷ বিশ্ববিদ্যালয় প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰে যে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ সন্মতি সাপেক্ষে পূৰ্বৰ নিৰ্দেশনাত উল্লিখিত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বাতিলৰ প্ৰক্ৰিয়া চৰ্ত সাপেক্ষে বাতিল কৰা হৈছে ৷ এই শিক্ষক সকলৰ নিযুক্তি বাহাল থাকিব ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমান্তৰালকৈ ভট্টদেৱ বিশ্ববিদ্যালয়তো আচাৰ্যৰ এই সিদ্ধান্ত উঠাই লোৱাৰ বাবে বাট চাইছে বিশ্ববিদ্যালয়খনৰ ঠিকাভিত্তিক শিক্ষকসকলে ৷

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বিতৰ্কৰ নতুন মোৰ

ABOUT THE AUTHOR

...view details