অসম

assam

ETV Bharat / state

পাঠশালাত বেউলাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন

আৱাহন থিয়েটাৰৰ বাকৰিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়াত শিল্পী তথা ভ্ৰাম্যমাণৰ বেউলা খ্যাত অনুপমা ৰয়ৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন

By

Published : Apr 14, 2019, 5:26 AM IST

পাঠশালাত ভ্ৰাম্যমাণ বেউলাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন

বৰপেটা ১4 এপ্ৰিল: এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শনিবাৰে পাঠশালাৰ আৱাহন থিয়েটাৰৰ বাকৰিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়াত শিল্পী তথা ভ্ৰাম্যমাণৰ বেউলা খ্যাত অনুপমা ৰয়ৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ অনুপমা ৰয় আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় ৰ পত্নী৷ মূৰ্তিতো উন্মোচন কৰে মুখ্যমন্ত্ৰী ৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে৷

পাঠশালাত ভ্ৰাম্যমাণ বেউলাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন

উল্লেখ্য যে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম লগ্নৰে শিল্পী তথা জন্ম বৰ্ষত বেউলা চৰিত্ৰৰে আাত্ম প্ৰকাশ কৰিছিল প্ৰয়াত অনুপমা ৰয়৷ ছাহজাহানে যি দৰে মমতাজৰ বাবে তাজমহল সাজিছিল ঠিক তেনেদৰে পত্নীৰ স্মৃতিত কৃষ্ণ ৰয়ে নিৰ্মাণ কৰি উলিয়াই এই বিশাল প্ৰতিমূৰ্তিটো৷এই মন্তব্য বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট লিখক থানেশ্বৰ মালাকাৰৰ৷

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ উপৰি বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক অচ্যুত পাটোৱাৰী, প্ৰয়াত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ পত্নী প্ৰীতি শইকীয়া, বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য আদি লোক উপস্থিত থাকে৷ সকলোৱে একালৰ অভিনেত্ৰী গৰাকী শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ পাঠশালাৰ যুৱ প্ৰতিভাৱান শিল্পী মনজিতৰ দ্বাৰা এই বিশাল প্ৰতিমূৰ্তিটো নিৰ্মাণ সম্ভৱ হোৱাত অত্যন্ত সুখী হয় কৃষ্ণ ৰয়৷উল্লেখযোগ্য যে 2017 বৰ্ষৰ 10 ডিচেম্বৰত শিল্পী অনুপমা ৰয়ৰ মৃত্যু হৈছিল৷

ABOUT THE AUTHOR

...view details