অসম

assam

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:54 AM IST

ETV Bharat / state

গাঁও পঞ্চায়তৰ সচিব ৰাহুল বৰ্মনৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

খেল মহাৰণৰ নামত খেলুৱৈৰ লগত প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ ৷ গাঁও পঞ্চায়তৰ সচিব ৰাহুল বৰ্মনৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ।

Khel Maharan Irregularities
গাঁও পঞ্চায়তৰ সচিব ৰাহুল বৰ্মনৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

গাঁও পঞ্চায়তৰ সচিব ৰাহুল বৰ্মনৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

জনীয়া, 15 ডিচেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে খেল মহাৰণ কাৰ্যসূচী ৷ এইবাৰ কলগাছিয়াৰ 82 নং জনতা গাঁও পঞ্চায়তৰ সচিব ৰাহুল বৰ্মনে খেল মহাৰণত অংশগ্ৰহণ কৰা খেলুৱৈৰ লগত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পিচতে খেলুৱৈজনৰ লগতে পৰিয়ালৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা খেল মহাৰণত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বাচনি কৰা খেলুৱৈক বাদ দি বেলেগ খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ভুক্তভোগী ৰাকিবুল ইছলামৰ।

জানিব পৰা মতে, যোৱা কিছু দিন পূৰ্বে অসম চৰকাৰৰ দ্বাৰা আয়োজিত জনতা গাঁও পঞ্চায়তৰ উদ্যোগত পঞ্চায়ত সদস্য সচিব ৰাহুল বৰ্মনৰ নেতৃত্বত জনতা হাইস্কুল খেলপথাৰত খেল মহাৰণ অনুষ্ঠিত হয়। এই খেলত অংশগ্ৰহণ কৰি নিৰ্বাচিত হোৱা খেলুৱৈসকলৰ মাজত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰাকিবুল ইছলামে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে ৰাকিবুল ইছলাম নামৰ যুৱকজনৰ যাৱতীয় তথ্য সহকাৰে সমষ্টি পৰ্যায়ৰ খেললৈ বাচনি কৰা হয়।

যোৱা 17 নৱেম্বৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অংশগ্ৰহণৰ সুযোগ পায় ৰাকিবুলে । কিন্তু সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৰাকিবুল ইছলামক আমন্ত্ৰণ নকৰি তেওঁৰ পৰিৱৰ্তে বেলেগক অন্তৰ্ভুক্ত কৰাই ৰাকিবুল ইছলামক বঞ্চিত কৰি ৰাখে বুলি দাবী উত্থাপন কৰিছে ভুক্তভোগীয়ে।

এই খবৰ লাভ কৰাৰ লগে লগে ৰাকিবুল ইছলামৰ পৰিয়ালৰ লগতে তেওঁ কান্দোনত ভাগি পৰে। লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনায়। লগতে পঞ্চায়ত সদস্য সচিব ৰাহুল বৰ্মণ দোষী বুলি পৰিয়ালৰ মানুহে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:16 ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ অষ্টম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা

ABOUT THE AUTHOR

...view details