বৰপেটা,১১ জানুৱাৰী :দেশত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Covid cases increased in India)। অসমৰ ভিন্ন জিলাতো ক'ভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে । অসম চৰকাৰে প্ৰকাশ কৰা ক'ভিড এছ অ' পি পালনৰ ক্ষেত্ৰত কঠোৰ হৈছে জিলা প্ৰশাসন । ইয়াৰ মাজতে কঠোৰ হৈছে বৰপেটা জিলা প্ৰশাসন । বৰপেটাত বাতিল হৈছে সকলো ধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ আদি (All public events cancelled in Barpeta)।
১০ জানুৱাৰীৰ পূৰ্বে প্ৰদান কৰা সকলো অনুমতি বাতিল কৰিছে প্ৰশাসনে । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো ৰাজহুৱা অনুষ্ঠান বাতিলৰ নিৰ্দেশ দিছে । জিলাখনত ক’ভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ (New COVID SOP in Barpeta) ৷ এই নতুন নিৰ্দেশনা মতে, ইতিপূৰ্বে প্ৰদান কৰা গ্ৰন্থমেলা,বাণিজ্য মেলা,আনন্দ মেলা,পূজা,সভা আদিৰ অনুমতি বাতিল জিলা প্ৰশাসনৰ ৷