অসম

assam

ETV Bharat / state

অগপৰ উপ-সভাপতিৰ দায়িত্ব ল'লে ডাঃ তাৰাপ্ৰসাদ দাসে - Taraprashad Das

অগপৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসক ৷ ইতিমধ্যে সভাপতিৰ স্বাক্ষৰিত পত্ৰ ফণিভূষণ চৌধুৰীয়ে প্ৰদান কৰে তাৰাপ্ৰসাদ দাসক ৷ দুবাৰকৈ বিধায়ক হোৱা প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস পূৰ্বে আছিল কংগ্ৰেছত ৷

অগপৰ উপ-সভাপতিৰ দায়িত্ব ল'লে ডাঃ তাৰাপ্ৰসাদ দাসে

By

Published : Jun 26, 2021, 7:26 AM IST

বৰপেটা, ২6 জুন :সৰুক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত ডাঃ তাৰাপ্ৰসাদ দাস (Taraprashad Das)ক বৃহস্পতিবাৰে অসম গণ পৰিষদ (AGP) দলে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিৰ পদত অধিস্থিত কৰিছে ৷ বিগত বিধানসভা নিৰ্বাচনত বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল ডাঃ তাৰাপ্ৰসাদ দাস ৷ পিছে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ২৫ মাৰ্চত অগপত যোগদান কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

পিছে অগপ (AGP)ত যোগদান কৰিয়েই দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ লাভ কৰিবলৈ সক্ষম হোৱাৰ খবৰে এই মুহূৰ্তত বিশেষ গুৰুত্ব লাভ কৰিছে ৷ যিসময়ত অগপ মিত্ৰজোঁট চৰকাৰে লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰীৰ বাবে অধ্যক্ষ ৰাকেশ পালক গ্ৰেপ্তাৰ কৰি জেল হাজোতত বন্দী কৰি থৈছে ৷ তেনে সময়তে ডাঃ তাৰাপ্ৰসাদ দাসক অগপৰ কেন্দ্ৰীয় সমিতিত গুৰুত্বপূৰ্ণ পদবীত সংস্থাপিত কৰা কথাই যেন অগপৰ নীতিহীন ৰাজনীতিকেই উদঙাই দিছে ৷

অগপ উপ-সভাপতিৰ দায়িত্ব ল'লে ডাঃ তাৰাপ্ৰসাদ দাসে

উল্লেখ্য যে, লোকসেৱা আয়োগৰ অধ্যক্ষৰ দায়িত্ব বহন কৰা ডাঃ তাৰাপ্ৰসাদ দাসে অধ্যক্ষৰ আসনত বহাৰ পিচৰ পৰাই লোকসেৱা আয়োগৰ পূৰ্বৰ গৰিমা লাঘব কৰি মুকলিকৈ এ পি এছ চি (APSC)ৰ বজাৰ বহাৰ অভিযোগ উঠিছিল ৷ যাৰবাবে আইনী ব্যৱস্থাৰ আওতাত সোমাই পৰিছিল ডাঃ তাৰাপ্ৰসাদ দাস ৷

ডাঃ তাৰাপ্ৰসাদ দাসৰ ঘৰত চি বি আইৰো অভিযান চলিছিল ৷ অধ্যক্ষৰ পদ হেৰুৱাই পিচত কংগ্ৰেছৰ পৰাও খেদা খাই সৰুক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নামে আৰু ২০০১ চনৰ পৰা দুবাৰকৈ সৰুক্ষেত্ৰীৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ডাঃ তাৰাপ্ৰসাদ দাস ৷ অসম লোকসেৱা আয়োগৰ গৰিমাত আঘাত সানি কলংকৰ দাগ বহুওৱা ডাঃ তাৰাপ্ৰসাদ দাসক অগপৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদ প্ৰদান কৰাৰ কথাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন ৷

অৱশ্যে ডাঃ তাৰাপ্ৰসাদ দাসক কি স্বাৰ্থত এনেদৰে অগপৰ বৰঘৰত বৰপীৰা পাৰি বহুৱালে সেই প্ৰশ্নৰ উত্তৰ মাথো অগপ নেতৃত্বৰ হাততহে ৷

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

ABOUT THE AUTHOR

...view details