অসম

assam

বৰপেটাত ৮৫ শতাংশ ভোটেই মিত্ৰজোঁটে লাভ কৰিব : গুনীন্দ্ৰ নাথ দাস

By

Published : Feb 22, 2021, 7:41 PM IST

গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজেই ৰজা ৷ ৰাইজে ভোটদান কৰিলেহে নিৰ্বাচিত হয় ৰজা ৷ সেয়ে নিৰ্বাচনৰ সময়ত ভোটাৰৰ পদূলিয়ে পদূলিয়ে গৈ ভোট ভিক্ষা কৰা, সভা, সমাবেশ, সমদল অনুষ্ঠিত কৰি ভোটাৰক আকৃষ্ট কৰা নিৰ্বাচনৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ এইবাৰ নিৰ্বাচনত ভোটাৰে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰবাবে বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে সমষ্টিটোৰ নগৰাঞ্চলত আৰম্ভ কৰিছে বিশেষ সাংগঠনিক তৎপৰতা ৷

AGP MLA Gunindra Nath Das
বৰপেটাত ৮৫ শতাংশ ভোটেই মিত্ৰজোঁটে লাভ কৰিব : গুনীন্দ্ৰ নাথ দাস

বৰপেটা, ২২ ফেব্ৰুৱাৰী :বিধায়ক গুনীন্দ্ৰ নাথ দাসে বৰপেটা চহৰৰ ৪০ হাজাৰ ভোটাৰক লক্ষ্য হিচাপে লৈ আৰম্ভ কৰিছে বিশেষ সাংগঠনিক সভা ৷ বিধায়কগৰাকীৰ দাবী, সত্ৰনগৰী বৰপেটা চহৰৰ ৪০ হাজাৰ ভোটৰ ৮৫ শতাংশ ভোটেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰাতো নিশ্চিত ৷ সেয়ে বৰপেটা চহৰৰ প্ৰতিজন ভোটাৰেই যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰবাবে প্ৰতিটো পৰিয়ালক সজাগ কৰাৰ বাবে চহৰখনত মণ্ডল পৰ্যায়ত সভা অনুষ্ঠিত কৰি আহিছে ৷ আনহাতে বৰপেটা চহৰৰ বাহিৰত অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা প্ৰতিগৰাকী ভোটাৰক নিৰ্বাচনৰ সময়ত ঘৰলৈ আহি ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ যিহেতু চহৰ অঞ্চলৰ লোকৰ ভোটদানৰ প্ৰতি আগ্ৰহ কম, সেয়ে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে এতিয়াৰ পৰাই প্ৰতিজন ভোটাৰক সজাগ কৰা আৰু ভোটাৰ সকলৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে দলৰ নেতা কৰ্মীসকলক দায়িত্ব অৰ্পন কৰিছে ৷

বৰপেটাত ৮৫ শতাংশ ভোটেই মিত্ৰজোঁটে লাভ কৰিব : গুনীন্দ্ৰ নাথ দাস

বিধায়ক নিৰ্বাচনত যিহেতু ৰাইজেই ৰজা, সেয়ে চহৰ অঞ্চলৰ ১০০ শতাংশ ভোটাৰৰ ভোটদানৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে বৰপেটাৰ বাহিৰত থকা ভোটাৰসকলক নিৰ্বাচনৰ সময়ত ঘৰলৈ আহি ভোটপ্ৰদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে গ্ৰহণ কৰা এনে প্ৰচেষ্টাই বিধায়ক হিচাপে বিধানসভাৰ মজিয়ালৈ পুনৰবাৰ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত কিমান সফল হয় সেয়া অন্য বিষয় যদিও ভোটাৰক ভোটদানৰ প্ৰতি আকৃষ্ট কৰি তোলাৰ বাবে বৰপেটাৰ অগপ বিধায়কগৰাকীয়ে লোৱা প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক :পঞ্জীয়নবিহীন ভাবেই ভোট যুদ্ধত নামিবলগীয়া হ'ব নেকি নতুন দল

ABOUT THE AUTHOR

...view details