অসম

assam

ETV Bharat / state

সৰুক্ষেত্রীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী - কালঝাৰ বজাৰ

সৰুক্ষেত্ৰী সমষ্টিৰ কালঝাৰ বজাৰত অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে সমষ্টিটোৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে । গীত পৰিৱেশন কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অগপ প্ৰাৰ্থীগৰাকীৰ ।

সৰুক্ষেত্রীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী
সৰুক্ষেত্রীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী

By

Published : Mar 25, 2021, 6:14 PM IST

বৰপেটা,২৫ মাৰ্চ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত দিনে-নিশাই নিৰ্বাচনী প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে ৷ নিজকে হিন্দু সম্প্ৰদায়ৰ জীয়ৰী আৰু মুছলমান সম্প্ৰদায়ৰ বোৱাৰী বুলি কোৱাৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে তেওঁক মৰম দিছে বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে । বুধবাৰে নিশা সৰুক্ষেত্ৰী সমষ্টিৰ কালঝাৰ বজাৰত দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে তেওঁ এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে ।

গীত পৰিৱেশন কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে । লগতে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, তেওঁ টকাৰ বিনিময়ত ভোট খুজিব নোৱাৰে । সেয়ে মৰমেৰে ভোট বিচাৰিছে বুলি মন্তব্য কৰে কল্পনা পাটোৱাৰীয়ে । ধৰ্মৰ নামত ৰাজনীতি কৰিলে পেট নভৰে বুলিও তেওঁ মন্তব্য কৰে ।

সৰুক্ষেত্রীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী

আনহাতে, কংগ্ৰেছে সৰুক্ষেত্রী সমষ্টিৰ উন্নয়ন সাধন কৰিব পৰা নাই বুলি সমালোচনা কৰাৰ লগতে অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে সমষ্টিটোৰ পৰা বিজয়ী হ'লে এখন স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে ।

সমষ্টিটোত নৱ জাতকৰ বাবে পৃথক হাস্পতালৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে । নিৰ্বাচনৰ পূৰ্বে যাব নোৱাৰিলেও জয়ী হোৱাৰ পিছত সমষ্টিটোৰ প্ৰতিখন গাঁও পৰিভ্ৰমণ কৰি ৰাইজৰ অৱস্থাৰ বুজ ল'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: বঙাইগাঁৱত ভুৱা সেনাসহ জব্দ বিদেশী সুৰা

ABOUT THE AUTHOR

...view details