অসম

assam

ETV Bharat / state

বৰপেটাত অগপৰ বৃহৎ যোগদান কাৰ্যসূচী - বৰপেটাত অগপৰ বৃহৎ যোগদান কাৰ্যসূচী

বৰপেটাত ২ হাজাৰৰো অধিক লোকে অগপ দলত যোগদান কৰে (More than 2 thousand people joined AGP party)। আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপ দলে সংখ্যালঘু অধ্যুষিত অঞ্চলত আৰম্ভ কৰিছে বিশেষ ৰাজনৈতিক তৎপৰতা । যোগদান কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তকে ধৰি দলৰ বহু জ্যেষ্ঠ নেতাৰ অংশগ্ৰহণ ।

AGP
বৰপেটাত অগপৰ বৃহৎ যোগদান কাৰ্যসূচী

By

Published : Sep 29, 2022, 2:07 PM IST

বৰপেটা, ২৯ ছেপ্টেম্বৰ : অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অসম গণ পৰিষদে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈছে (AGP election strategy in minority dominated area) ৷ অগপ-বিজেপি মিত্ৰজোঁটৰ ৰণকৌশল অনুসৰিয়ে অগপই সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত সভা সমিতি অনুষ্ঠিত কৰি ব্যাপকভাৱে সংখ্যালঘু লোকক অগপত যোগদান কৰোৱাত গুৰুত্ব দিছে । পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপই আৰম্ভ কৰা সাংগঠনিক তৎপৰতাৰ অংশ হিচাপে বুধবাৰে বৰপেটা বিধান পৰিষদৰ উদ্যোগত আৰু অগপৰ আজাদ আঞ্চলিক সমিতিৰ সহযোগত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (AGP joining program) ৷

মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, তাৰা প্ৰসাদ দাস, গুণীন্দ্ৰ নাথ দাস, কুমাৰ দীপক দাস, ভূপেন ৰয় আদি নেতাৰ উপস্থিতিত গাঁও পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধিসহ ২ হাজাৰৰো অধিক লোকে অগপত যোগদান কৰে ৷ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই মুখ্যত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে ৷

বিশেষকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰী, গোৱালপাৰা, বৰপেটাকে ধৰি নামনি অসমত অগপই এক বিশেষ প্ৰভাৱ পেলাব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে (Keshab Mahanta on upcoming election strategy)৷ ইফালে লোকসভা নিৰ্বাচনত অগপই বৰপেটাৰ আসনখন লাভ কৰিব নে, বিজেপিয়ে নিজা প্ৰাৰ্থী দিব তাক লৈও সৃষ্টি হৈছে জল্পনা-কল্পনা ৷ অৱশ্যে বৰপেটাৰ আসনখন বিজেপিয়ে অগপক এৰি দিব বুলি আশাবাদী মন্ত্ৰী কেশৱ মহন্ত ৷

লগতে পঢ়ক :উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details