অসম

assam

ETV Bharat / state

অগপৰ সৰুক্ষেত্ৰী বিধান পৰিষদৰ যোগদান কাৰ্যসূচী - AGP central vice president

অসম গণ পৰিষদৰ সৰুক্ষেত্ৰী বিধান পৰিষদৰ সহযোগত আৰু 44 নং পশ্চিম পাকা আঞ্চলিক সমিতিৰ উদ্যোগত কলনী বজাৰত যোগদান কাৰ্যসূচী (AGP joining programme) । ৰাইজৰ ব্যাপক সঁহাৰি ।

AGP
AGP

By

Published : Oct 4, 2022, 3:38 PM IST

জনীয়া, ৪ অক্টোবৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান পৰিষদৰ সহযোগত আৰু 44 নং পশ্চিম পাকা আঞ্চলিক সমিতিৰ উদ্যোগত কলনী বজাৰত এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AGP joining programme) । অগপৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকৰী সাংগঠনিক সদস্য আবু বক্কাৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত উক্ত যোগদান সভাত উপস্থিত থাকে আনন্দৰাম বৰুৱা একাডেমীৰ সঞ্চালক তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতি ৰঞ্জিত ডেকা ৷

সৰুক্ষেত্ৰী বিধান পৰিষদৰ সভাপতি চিত্তৰঞ্জন বৰ্মন উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় (AGP joining meeting at Sarukhyetri) । সভাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আনন্দৰাম বৰুৱা একাডেমীৰ সঞ্চালক তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতি ৰঞ্জিত ডেকাই কয় যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰায়সংখ্যক আসন লাভ কৰিব (AGP central vice president) ।

লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিকসকল আক্ৰমণৰ সন্মুখীন হ'বলগা কথাটো চৰকাৰে অলপ গুৰুত্ব দিব লাগে বুলিও মন্তব্য কৰে ।

আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সৰুক্ষেত্ৰী বিধান পৰিষদৰ সভাপতি চিত্তৰঞ্জন বৰ্মনে কয় যে বিগত সময়ত সংখ্যালঘু অঞ্চলত যি সাংগঠনিক ভেটি আছিল তাতকৈ বৰ্তমান সাংগঠনিক ভেটি অধিক শক্তিশালী হৈছে । আনহাতে, পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে সুফল লাভ কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :জাকজমকতাৰ পৰা কিছু ব্যতিক্ৰম টীয়কৰ এখন পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details