অসম

assam

ETV Bharat / state

গৰাখহনীয়াৰ ফলত পথৰ ভিক্ষাৰীত পৰিণত কলগাছিয়াবাসী - বেকী নৈ

কলগাছিয়াৰ মইনবৰী মতিনপুৰত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ৷ গৰাখহনীয়াৰ কবলত বেকী নৈ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি । পথৰ ভিক্ষাৰীত পৰিণত হৈছে গাঁওবাসী ৷

kalgachia erosion
কলগাছিয়াত গৰাখহনীয়া

By

Published : Dec 19, 2020, 10:54 AM IST

জনীয়া,19 ডিচেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী মতিনপুৰত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি নৈ বুকুত বিলীন হৈ আছে শ শ বিঘা কৃষিভূমি । খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় প্ৰতিনিধি, জিলা প্ৰশাসন তথা চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷

কলগাছিয়াত গৰাখহনীয়া

উল্লেখ্য যে, গাঁঠিৰ ধন খৰচ কৰি নতুবা বন্ধন গোটৰ পৰা ঋণ লৈ গাঁওখনৰ কৃষকে বিঘাই বিঘাই জলকীয়া, গাজৰ, বন্ধাকবি, ওলকবি, ফুলকবি আদিৰ খেতি কৰিছিল । ফচল চপোৱাৰ প্ৰাকক্ষণত বেকী নৈয়ে তচনচ কৰিলে সকলো খেতি ।

কিছুদিন পূৰ্বৰ পৰাই নৈখনৰ গৰাখহনীয়াই গাঁওখনত কালৰূপ ধাৰণ কৰি খহাই নিয়ে শ শ বিঘা কৃষিভূমি আৰু ঘৰ দুৱাৰ । যাৰ পৰিপ্ৰেক্ষিতত পথৰ ভিক্ষাৰীত পৰিণত হৈছে গাঁওবাসী । সেয়েহে ভুক্তভোগী ৰাইজে শীঘ্ৰেই নৈৰ গৰাখহনীয়া ৰোধ কৰিবলৈ পুনৰ চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক :কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ তিৱা নিৰ্বাচনৰ ভোটগণনা

ABOUT THE AUTHOR

...view details