জনিয়া, 3 এপ্ৰিল : ৰাজ্যসভাৰ নিৰ্বাচনৰ সামৰণি পৰিল (Assam Rajya Sabha election 2022) ৷ কিন্তু অন্ত পৰা নাই ৰাজনৈতিক দলৰ বাদ-বিবাদ ৷ এই নিৰ্বাচনটোৱে যেন এক প্ৰকাৰ তচনচ কৰি পেলালে বিৰোধীৰ ঐক্যক ৷ বৰ্তমান পাৰস্পৰিক বিশ্বাস হেৰুৱাই এক প্ৰকাৰ ককবকাব লগীয়া হৈছে ৰাজ্যৰ বিৰোধী দল কেইটাই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মাজত দেখা গৈছে দলীয় সংঘাত (Congress AIUDF clash in Assam) ৷ ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়েও দুয়ো দলৰে নেতা-সদস্যক সমালোচনা কৰিছে প্ৰতাৰক হিচাপে ৷ বিশেষকৈ তুংগত উঠিছে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু অখিল গগৈৰ মাজৰ বাক-যুদ্ধখন ৷
উল্লেখ্য যে, যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দুগৰাকী প্ৰাৰ্থী ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধীয়ে উমৈহতীয়াকৈ ৰিপুণ বৰাক প্ৰক্ষেপ কৰে ৷ এজন প্ৰাৰ্থী জিকাই ৰাজ্যসভালৈ পঠিওৱাৰ বাবে বিৰোধীৰ ভোট সংখ্যা আছিল ঠিকেই, কিন্তু সকলো যেন সময়ত খেলি-মেলি হৈ গ’ল ৷ অংকত আউল লাগিল বিজেপিৰ ৷ ফলস্বৰূপে পৰাজিত হ’ল ৰিপুণ বৰা ৷ পবিত্ৰ মাৰ্ঘেৰিটাই 46 টা, ৰণগৌড়া নাৰ্জাৰীয়ে 44 টা আৰু ৰিপুণ বৰাই 34 টা ভোট লাভ কৰে (Assam Rajya Sabha election result) ৷
ৰিপুণ বৰাই 35 টা ভোট লাভ কৰিছিল যদিও বিধায়ক ছিদ্দিক আহমেদৰ ভোটটো নাকচ হয় ৷ বেলত কাকতত সাংখ্য়িক 1 লিখাৰ পৰিৱৰ্তে ONE লিখিছিল ছিদ্দিক আহমেদে ৷ ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই নিলম্বন কৰিছে ছিদ্দিক আহমেদক (APCC expelled MLA Siddique Ahmed) ৷
কিন্তু এই নিৰ্বাচনক লৈ নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ সৈতে মতানৈক্য আৰম্ভ হয় এআইইউডিএফৰ ৷ সেই মতানৈক্যই সম্পৰ্কলৈ তিক্ততা লৈ আহিছে দল দুটাৰ ৷ অৱশ্যে ইতিপূৰ্বেই মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰায় ভংগ হৈছিল এআইইউডিএফৰ ৷ এইবাৰ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে যেন এক প্ৰকাৰ জপিয়াই পৰিছে আজমল বাহিনী ৷
কংগ্ৰেছৰ অভিযোগ অনুসৰি এআইইউডিএফৰ 5 জন বিধায়কে ধনৰ বিনিময়ত ভোট দিছে বিজেপিক ৷ ৰিপুণ বৰাক বিশ্বাসঘাটকতা কৰা বুলি আজমল বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে কংগ্ৰেছে ৷ লগতে ছিদ্দিক আহমেদকো নিলম্বন কৰিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই ৷ অভিযোগ মতে, এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই আগ-ভাগ লৈছিল বিধায়ক বেচা-কিনাত ৷ যাৰ বাবে এতিয়া কংগ্ৰেছে কঠোৰ সমালোচনা কৰিছে এআইইউডিএফক ৷
ইফালে, এআইইউডিএফৰ অভিযোগ অনুসৰি কংগ্ৰেছৰ বিধায়কেহে ৰামঠগন দিলে ৰিপুণ বৰাক ৷ খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ষড়যন্ত্ৰ কৰি ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰা বুলি অভিযোগ কৰিছে এআইইউডিএফে ৷ ভূপেন বৰাক শীঘ্ৰে অপসাৰণ কৰি কমলাক্ষ দে’ পুৰকায়স্থক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈও কৰিম উদ্দিন বৰভূঞাই দাবী উত্থাপন কৰিছে ৷
তাৰোপৰি অখিল গগৈৰ সৈতেও আৰম্ভ হৈছে এআইইউডিএফৰ বিবাদ ৷ কৰিম উদ্দিন বৰভূঞাই অভিযোগ কৰা অনুসৰি অখিল গগৈয়ে বিজেপি বিধায়ক মানৱ ডেকাৰ পৰা টকা লৈ তাৰ বিনিময়ত ভোট দিছে বিজেপিক ৷ আনকি এই কথাৰ প্ৰমাণ লাই ডিটেক্টৰৰ দ্বাৰা কৰিবলৈও অখিল গগৈক প্ৰত্যাহ্বান জনাইছে বিধায়ক গৰাকীয়ে ৷ আনহাতে, এই অভিযোগ খণ্ডন কৰি অখিল গগৈয়ে কয় যে তেওঁ লাই ডিটেক্টৰত প্ৰমাণ দিবলৈ সাজু আছে ৷ বিধায়ক হোৱাৰ এবছৰ নৌহওতেই সমূলি তিতা-কেঁহা লাগিছে বুলিও অখিল গগৈয়ে উল্লেখ কৰে ৷