বৰপেটা,২১ মাৰ্চ:বৰপেটা জিলাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ দুবাৰকৈ বিধায়ক আবুল কালাম আজাদে এআইইউডিএফ-ৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত তেওঁৰ সমৰ্থকৰ দাবীত নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নিৰ্বাচনত । ভৱানীপুৰ সমষ্টিৰ শুক মানাহত আবুল কালাম আজাদৰ সমৰ্থকে আয়োজন কৰে এখন বিশাল জনসভা ৷
নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব টিকট বঞ্চিত বিধায়কে - বদৰুদ্দিন আজমল
আবুল কালাম আজাদে দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলে বৃহৎ ধনৰ লেনদেন কৰাৰ অভিযোগ কৰে ৷
নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এআইইউডিএফৰ টিকট বঞ্চিত দুবাৰকৈ বিধায়কে
সভাত সহস্ৰাধিক সমৰ্থকে আবুল কালাম জিন্দাবাদ, এআইইউডিএফ মুর্দাবাদ, আজমল মুর্দাবাদ, ফণীধৰ তালুকদাৰ মুর্দাবাদ আদি শ্ল’গান দি চৌদিশ উত্তাল কৰি তোলে ৷ লগতে দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলে বৃহৎ ধনৰ লেনদেন কৰাৰ অভিযোগ কৰে ৷
লগতে পঢ়ক:এতোৱা মুণ্ডাৰ নিৰ্বাচনী প্ৰচাৰত বাধা