অসম

assam

By

Published : Sep 2, 2022, 4:24 PM IST

ETV Bharat / state

আজমল চাহাবৰ নেতৃত্বত অসমৰ জয়যাত্ৰা আৰম্ভ হ’ব : আব্দুৰ ৰহিম খান

অৱশেষত ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিল ৷ কংগ্ৰেছ ত্যাগ কৰি পুনৰ AIUDF লৈ উভতি আহে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান (Abdul Rahim Khan criticized Assam Pradesh congress)৷ পুনৰ AIUDF ত যোগদান কৰিয়েই বিভিন্ন কটু মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে (Abdul Rahim Khan reaction about AIUDF joining)৷

Abdul Rahim Khan reaction about AIUDF joining
আজমল চাহাবৰ নেতৃত্বত অসমৰ জয়যাত্ৰা আৰম্ভ হ’ব : আব্দুৰ ৰহিম খান

বৰপেটা, ২ ছেপ্টেম্বৰ :‘‘কংগ্ৰেছৰ নীতি, আদৰ্শ সকলো সলনি হ’ল ৷ সেয়ে বৰ্তমান সময়ত কংগ্ৰেছ অপ্ৰাসংগিক ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কোনো নেতৃত্ব নাই আৰু যি আছে সেয়া বহতীয়া’’ ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে (Ex MLA Abdul Rahim Khan) ৷

আজমল চাহাবৰ নেতৃত্বত অসমৰ জয়যাত্ৰা আৰম্ভ হ’ব : আব্দুৰ ৰহিম খান

লগতে তেওঁ বৰ্তমান অসমত এতিয়া দুটা পাৰ্টীহে আছে বুলি মনত পোষণ কৰে ৷ ইয়াৰে এটা AIUDF আৰু আনটো বিজেপি (Abdul Rahim Khan criticized Assam Pradesh congress) ৷ আনকি আজমল চাহাবৰ নেতৃত্বত অসমত পুনৰ জয়যাত্ৰা আৰম্ভ হ’ব বুলিও উল্লেখ কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷

লগতে বৰপেটাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, 2024 ত বৰপেটা লোকসভা দখল কৰিব AIUDF য়ে ৷ আনহাতে, 2026 ৰ বিধানসভা নিৰ্বাচনত বৰপেটাৰ ৬ খন আসন AIUDF এ দখল কৰিব বুলিও এক প্ৰকাৰে দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে AIUDF ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ৷ পিছে কেইমাহমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন AIUDF নেতাগৰাকীয়ে শুকুৰবাৰে পুনৰ AIUDF লৈ উভতি আহে ৷ শুকুৰবাৰে AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলে ৰহিম খানৰ বাসগৃহত উপস্থিত হৈ AIUDF ৰ প্ৰাক্তন বিধায়কগৰাকীক আদৰণি জনায় ৷

লগতে পঢ়ক :এতিয়াও অনিশ্চয়তাত মাজুলী-যোৰহাট দলং নিৰ্মাণ কাৰ্য

ABOUT THE AUTHOR

...view details