বৰপেটা,13 জুলাইঃ ব্ৰহ্মপুত্ৰত নাৱত আৱদ্ধ বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ বেঁকী নৈৰে ইঞ্জিন চালিত নাৱত বানপীড়িতৰ খবৰ ল'বলৈ গৈ আছিল সাংসদগৰাকী ৷ জনীয়াৰ মজিদভিঠাৰ পৰা মৰাভাজলৈ গৈ থকাৰ সময়তে আৱদ্ধ হৈ পৰে সাংসদ গৰাকী ৷ মৰাভাজ গৈ পোৱাৰ আগতেই নাওখনত ঘটে যান্ত্ৰিক বিজুতি ৷ বেঁকীৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰে প্ৰায় এঘন্টা সময় সাংসদগৰাকীৰ নাওখন উটুৱাই নিয়ে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে ৷
ব্ৰহ্মপুত্ৰত নাৱত আৱদ্ধ বৰপেটাৰ সাংসদ আব্দুল খালেক - etv bharat assam
জনীয়াৰ মজিদভিঠাৰ পৰা মৰাভাজলৈ গৈ থকা সময়তে আৱদ্ধ হৈ পৰে সাংসদ গৰাকী ৷ মৰাভাজ পোৱাৰ আগতেই নাওখনত ঘটে যান্ত্ৰিক বিজুতি
নাৱত আৱদ্ধ বৰপেটাৰ সাংসদ আব্দুল খালেক
আনহাতে,সাংসদগৰাকীৰ সৈতে নাওখনত আছে বৰপেটা জিলা পৰিষদৰ উপ সভাপতি চামছুল হক,সদস্য হাবিবুল্লাহ আৰু আব্দুল জাকিৰ ৷ বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ মাজতেই আৱদ্ধ হৈ আছে সাংসদগৰাকী ৷