বৰপেটা, ১৯ ফেব্ৰুৱাৰী: শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰপেটাতো জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যজুৰি আছুৱে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ।
জনসাধাৰণৰ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ পুনৰ ওলাই আহিল ছাত্ৰ সন্থা । মূল্যবৃদ্ধি ৰোধ চূড়ান্তভাৱে ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সন্মুখত বৰপেটা জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ।