অসম

assam

ETV Bharat / state

1983ৰ নেলী হত্যাকাণ্ড ন্যায়ৰ দাবীত আমছুৰ ক'লা দিৱস পালন

আমছুৰ বজালী জিলা সমিতিৰ উদ্যোগত মাজগাঁৱত পালন কৰা ক'লা দিৱসত আমছুৰ উপ-সভাপতি নজৰুল ইছলামে কয়, কংগ্ৰেছ, অগপ, বিজেপি কোনো এখন চৰকাৰৰ দিনতে ন্যায় প্ৰদান নকৰাৰ অভিযোগ । আনকি ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনো আজিলৈকে ৰাজহুৱা নহ'ল।

By

Published : Feb 19, 2021, 1:01 PM IST

Updated : Oct 8, 2022, 9:58 AM IST

1983ৰ নেলী হত্যাকাণ্ড ন্যায়ৰ দাবীত আমছুৰ ক'লা দিৱস পালন
1983ৰ নেলী হত্যাকাণ্ড ন্যায়ৰ দাবীত আমছুৰ ক'লা দিৱস পালন

বৰপেটাৰোড 19 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ ন্যায়ৰ প্ৰতিবাদত আমছুৰ বজালী জিলা সমিতিয়ে ক'লা দিৱস পালন কৰে ৷ আমছুৰ বজালী জিলা সমিতিৰ উদ্যোগত মাজগাঁৱতো পালন কৰা এই ক'লা দিৱসত আমছুৰ উপ-সভাপতি নজৰুল ইছলামে কয়, কংগ্ৰেছ, অগপ, বিজেপি কোনো এখন চৰকাৰৰ দিনতে ন্যায় প্ৰদান নকৰিলে । আনকি ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনো আজিলৈকে ৰাজহুৱা নহ'ল ।

ছাত্ৰ নেতাজনে আৰু কয় সংখ্যালঘু ৰাইজৰ মাজৰ পৰা বহু মন্ত্ৰী-বিধায়ক হ'ল কিন্তু ন্যায় পোৱাৰ কোনো ব্যৱস্থা নকৰিলে । আগন্তুক দিনত সংখ্যালঘু বিধায়কে ইয়াৰ প্ৰতিবাদ নকৰিলে এই বেলিৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও কয় ৷

তাৰোপৰি অতি শীঘ্ৰে ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ ন্যায় প্ৰদান নকৰিলে ১ কোটি ২০ লক্ষ্য সংখ্যালঘু জনতাক লৈ ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ নেতা গৰাকীয়ে । এই কাৰ্যসূচীত অংশ লয় আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নজৰুল ইছলাম, তথ্য প্ৰযুক্তি সম্পাদক আমিনুৰ ৰহমানৰ লগতে শতাধিক আমছু কৰ্মী উপস্থিত থাকে ৷ উল্লেখ্য যে, ১৯৮৩ চনৰ আজিৰ দিনটোতেই মৰিগাঁও জিলাৰ নেলীত প্ৰায় দহ সহস্ৰাধিক সংখ্যালঘু মুছলমানৰ ওপৰত অমানৱিকভাবে এক নৃশংস গণ হত্যাৰ ঘটনা সংঘটিত হৈছিল।

লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

Last Updated : Oct 8, 2022, 9:58 AM IST

ABOUT THE AUTHOR

...view details