অসম

assam

ETV Bharat / state

শিক্ষামন্ত্ৰীক সকিয়নী আমছুৰ - আমছুৰ প্ৰতিবাদ

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক দিয়া আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ধনৰ দুশ কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আমছুৱে ৷ দাবী পূৰণ নকৰিলে আগন্তুক দিনক জংগী আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷

শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

By

Published : Nov 8, 2019, 3:33 PM IST

নিউজ ডেক্স, 8 নৱেম্বৰঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক দিয়াৰ প্ৰতিবাদত শুকুৰবাৰে বৰপেটাৰোডত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আমছুৱে ৷ সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটাৰোড আঞ্চলিকৰ সহযোগত পুত্তলিকা দাহ কৰি শিক্ষামন্ত্ৰী মুৰ্দাবাদ,আমছু জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ দিল্লীৰ ব্লেকলিষ্টেড এন জি অ'ক মধ্যাহ্ন ভোজনৰ দায়িত্ব দি অতি নিম্নমানৰ খাদ্য যোগান ধৰাত ক্ষুদ্ধ হৈ পৰিছে আমছু ৷ বিভিন্ন বিদ্যালয়ত খা-খবৰলৈ গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ মাত্ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীকহে মধ্যাহ্ন ভোজনৰ খাদ্য যোগান ধৰা বুলি সংগঠনটোৱে অভিযোগ তোলে ৷ দিল্লীৰ এন জি অ'ই ইমানেই বেয়া খাদ্য যোগান ধৰিছে যে সেই খাদ্য খালে ছাত্ৰ-ছাত্ৰী ৰোগত আক্ৰান্ত হ'ব বুলিও শংকা প্ৰকাশ কৰে আমছুৱে ৷ লগতে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ধনৰ দুশ কোটি টকাৰ কেলেংকাৰী হৈছে বুলিও অভিযোগ তুলি আমছুৱে এই কাৰ্যসূচী লোৱাৰ কথা জানিবলৈ দিয়ে ৷

শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

আমছুৱে পূৰ্বৰ দৰে ৰান্ধনীৰ জৰিয়তেই মধ্যাহ্ন ভোজনৰ কাম চলাই নিয়াৰ দাবী উত্থাপন কৰিছে ৷ কাৰণ ৰান্ধনীবোৰে ৰন্ধাৰ বিনিময়ত যিখিনি পাৰিশ্ৰমিক লাভ কৰিছিল সেই পাৰিশ্ৰমিকেৰে নিজৰ পৰিয়ালটো কোনো মতে পোহপাল দি আহিছিল ৷ আনহাতে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ধনৰ দুশ কোটি টকীয়া কেলেংকাৰীৰ উচিত তদন্ত নহ'লে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে ৷
ইফালে অনুৰূপ দাবীত দৰং জিলাৰ দলগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে দৰং জিলা আমছুৱে ৷ আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এন জি অ'ৰ জৰিয়তে মধ্যাহ্ন ভোজন যোগানত ধৰাত ব্যৰ্থ হোৱা আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধনৰ বৃহত কেলেংকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ শিক্ষামন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰে আমছুৱে। প্ৰতিবাদস্থলীত আমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ,সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস,জিলা সভাপতি আলেপ উদ্দিনকে আদি কৰি দুই শতাধিক কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ টীয়কত গুলী চালনাৰ ঘটনাঃ আহত এজন যুৱক

ABOUT THE AUTHOR

...view details