বৰপেটা, 19 মে': ৰাষ্ট্ৰীয় নাগৰীকপঞ্জীৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা, ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবীত কলগাছিয়াত আম আদমী পাৰ্টিৰ সংবাদমেল । সংবাদমেলত বিদেশী ন্যায়াধীকৰণ প্ৰক্ৰিয়া ন্যায় সংগত নোহোৱাৰ অভিযোগ আম আদমী পাৰ্টিৰ সদস্যসকলৰ ৷
বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবী আম আদমী পাৰ্টিৰ - NRC
আম আদমী পাৰ্টিৰ বৰপেটা জিলাৰ সমন্বয়ক ফাৰুক খানে বিদেশী ন্যায়াধিকৰণ প্ৰক্ৰিয়া ন্যায়সংগত নোহোৱাৰ বাবে বৰপেটা উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
আম আদমী পাৰ্টিৰ সংবাদমেল
সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টিৰ বৰপেটা জিলাৰ সমন্বয়ক ফাৰুক খানে বিদেশী ন্যায়াধীকৰণ প্ৰক্ৰিয়া ন্যায়সংগত নোহোৱাৰ বাবে বৰপেটা উকীল সন্থাই বৰপেটা বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বেও সংগঠনটোৱে ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ দাবীত যোৱা ১৭ মে'ত মানৱ অধিকাৰ আয়োগক অভিযোগ দাখিল কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে ফাৰুক খানে ৷