অসম

assam

ETV Bharat / state

আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যপক লুণ্ঠন - ব্যাপক লুণ্ঠনৰাজ

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত চলি থকা আধাৰ কেন্দ্ৰত কাৰ্ড বনোৱাৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই লুণ্ঠন কাৰ্যত একাংশ পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়তৰ সম্পাদক আৰু আধাৰ কেন্দ্ৰৰ অপাৰেটৰ আৰু চুপাৰভাইজাৰ জড়িত থকাৰো অভিযোগ উঠিছে ।

Aadhaar card Corruption aligation
জনীয়াত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যপক লুণ্ঠন চলোৱাৰ অভিযোগ

By

Published : Sep 5, 2020, 5:02 PM IST

জনীয়া, 5 চেপ্টেম্বৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত চলি থকা আধাৰ কেন্দ্ৰত কাৰ্ড বনোৱাৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই লুণ্ঠন কাৰ্যত একাংশ পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়তৰ সম্পাদক আৰু আধাৰ কেন্দ্ৰৰ অপাৰেটৰ আৰু চুপাৰ ভাইজাৰ জড়িত থকাৰো অভিযোগ উঠিছে ।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ কামত আধাৰ কাৰ্ড বাধ্যতামূলক বুলি প্ৰচাৰ হোৱাৰ পিছত প্ৰতিটো কেন্দ্ৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে, আৰু ভিৰৰ সুযোগ গ্ৰহণ কৰি একাংশ পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়ত সম্পাদক আৰু আধাৰ কেন্দ্ৰৰ অপাৰেটৰ আৰু চুপাৰ ভাইজাৰে প্ৰতিটো এনৰলমেণ্টৰ বাবদ ৫০০/- টকাৰ পৰা ১৫০০/- টকা আদায় কৰি আছে বুলি অভিযোগ কৰিছে ৰাইজে ।

ইফালে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ আৰু চুপাৰ ভাইজাৰে ব্যাপক অনিয়ম সংঘটিত কৰি শাৰী পাতি থকা ব্যক্তিৰ কাম নকৰি ধন লোৱা ব্যক্তিৰ কাম আগতে কৰি দিয়া, আধাৰ তথ্য পৰীক্ষণকাৰী অৰ্থাৎ পঞ্চায়ত সম্পাদকক সময়মতে উপস্থিত নথকা, ৪ বজাৰ পিছত নিশালৈকে বিভিন্ন স্থানত টকা লৈ আধাৰ বনোৱাৰ কাম কৰাৰ গুৰুতৰ অভিযোগ কৰিছে আমছুৱে।

জনীয়াত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যপক লুণ্ঠন চলোৱাৰ অভিযোগ

এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে অতি সোনকালে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ আৰু চুপাৰ ভাইজাৰ, পঞ্চায়ত সম্পাদক আৰু মধ্যভোগীক নাকি লগাবলৈ দাবী জনায় আমছুৱে ৷

লগতে পঢ়ক : যোৰহাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details