অসম

assam

ETV Bharat / state

সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ - ভ্ৰাম্যমাণৰ জনক

বুধবাৰে পাঠশালাত সপ্তদশ মৃত্যু তিথিত প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক স্মৰণ কৰিলে আৱাহন থিয়েটাৰ পৰিয়ালে ৷ আৱাহন থিয়েটাৰৰ বাকৰিত প্ৰয়াত যশস্বী ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে আৱাহন পৰিয়ালে ৷

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি
ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি

By

Published : Aug 13, 2020, 12:53 PM IST

পাঠশালা, 13 আগষ্ট: ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৷ অসমৰ সাহিত্য আৰু নাট্যজগতৰ অন্যতম মহীৰূহ গৰাকীৰ আজি সপ্তদশ মৃত্যুবাৰ্ষিকী ৷ প্ৰয়াত নাট্যকাৰ তথা সাহিত্যিক গৰাকীয়ে তেওঁৰ জীৱনৰ অধিক সময় অতিবাহিত কৰিছিল নাট্য নগৰী পাঠশালাৰ আৱাহন থিয়েটাৰৰ বাকৰিত ৷ আৱাহন থিয়েটাৰৰ মঞ্চক 24 খনকৈ নাটক প্ৰদান কৰি তেওঁ অসমৰ নাট্য সংস্কৃতিক অধিক সমৃদ্ধিশালী কৰি গৈছে ৷ ৰজত কমল বঁটা, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰ লগতে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত এই মহান ব্যক্তিগৰাকীৰ মৃত্যু তিথিত বুধবাৰে তেওঁলৈ শ্ৰদ্ধা নিবেদিলে আৱাহন পৰিয়ালে ৷

সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ

আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ে উল্লেখ কৰা অনুসৰি, প্ৰয়াত মহীৰূহ গৰাকীৰ ৰচিত নাটকে এক সুকীয়া সত্বা প্ৰদান কৰিছিল আৱাহনৰ মঞ্চক ৷ এসময়ত দৰ্শকে আৱাহন থিয়েটাৰৰ বাকৰিত হেতা-ওপৰা লগাইছিল স্বনামধন্য লোকগৰাকীৰ নাটক চাবলৈ ৷ যেন তেওঁৰ এখন নাটকৰ অপেক্ষাতে ৰৈ থাকিছিল অসমীয়া দৰ্শক ৷ আনকি তেওঁৰ নাটক প্ৰদৰ্শন দিনটোৰ বিষয়ে জানিবলৈ দৰ্শকে ব্যতিব্যস্তও কৰিছিল আৱাহন থিয়েটাৰৰ কৰ্মকৰ্তা সকলক ৷ বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুৰ দুবছৰ পাচৰ পৰাই তেখেতৰ নামত আৱাহন পৰিয়ালে ঘোষণা কৰিছিল এক বঁটা ৷ বঁটা ঘোষণাৰ প্ৰথম বৰ্ষতে সেই বঁটা প্ৰদান কৰা হৈছিল ভ্ৰাম্যমাণৰ জনক অচ্যুৎ লহকৰক ৷ প্ৰয়াত মহীৰূহ গৰাকীৰ নামত আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ে এটা পুথিভঁৰালো স্থাপন কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:শিলচৰত বিনামূলীয়া শালি ধানৰ কঠিয়া বিতৰণ কৃষি বিভাগৰ

ABOUT THE AUTHOR

...view details