অসম

assam

By

Published : Aug 5, 2021, 10:25 PM IST

ETV Bharat / state

ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত অৱস্থা ভৱানীপুৰ দুগ্ধ প্ৰকল্পৰ

বজালীৰ ভৱানীপুৰ সমষ্টিৰ নিবনুৱা সমস্যা সমাধানৰ বাবে প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনতে বহু কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ভৱানীপুৰ দুগ্ধ প্ৰকল্প ৷ কি পৰিস্থিতিত আছে এই প্ৰকল্প চাওক এই প্ৰতিবেদন...

a-non-working-dairy-project-etv-bharat-assam-news
জয়াল হাবি ঘন জংঘলৰ মাজত ভৱানীপুৰ দুগ্ধ প্ৰকল্প

পাঠশালা, 5 আগষ্ট : জনপ্ৰতিনিধি কিম্বা চৰকাৰ, প্ৰশাসনৰ ফোঁপোলা স্বৰূপ ৷ নিবনুৱা সমস্যাৰ কথা কোৱা বিজেপি চৰকাৰখনে আজিও কাৰ্যক্ষম কৰিব সক্ষম নহ’ল কোটি টকা ব্যয় সাপক্ষে নিৰ্মিত ভৱানীপুৰ দুগ্ধ উৎপাদন প্ৰকল্প ৷ বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ নিবনুৱা সমস্যা সমাধানৰ বাবে প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনতে বহু কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ভৱানীপুৰ দুগ্ধ প্ৰকল্প ৷ কিন্তু আজিও কাৰ্যক্ষম হৈ নুঠিল এই প্ৰকল্প ৷

প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত পশুপালন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা সুৰেন্দ্ৰ নাথ মেধিৰ তত্ত্বাৱধানত 9 বিঘা মাটিত স্থাপন কৰা হৈছিল এই দুগ্ধ প্ৰকল্পটো । নাম দিয়া হৈছিল ভৱানীপুৰ দুগ্ধ উন্নয়ন প্ৰকল্প । সেই তেতিয়াৰ পৰা এতিয়ালৈকে কংগ্ৰেছ, বিজেপি কোনো এখন চৰকাৰৰ সু-দৃষ্টি নপৰিল প্ৰকল্পটোৰ ওপৰত । এই প্ৰকল্পটো চোৱাচিতাৰ দায়িত্বত দুজনকৈ চৰকাৰী কৰ্মচাৰী থকা বুলি জানিব পৰা গৈছে ।

জয়াল হাবি ঘন জংঘলৰ মাজত ভৱানীপুৰ দুগ্ধ প্ৰকল্প

কিন্তু পৰিতাপৰ বিষয় যে, মাহে চৰকাৰী মাহিলি বেতন লৈ থকা কৰ্মচাৰীকেইজন সপ্তাহৰ মূৰতহে আহে ৷ কাৰণ তেওঁলোকে নিজাববীয়াকৈ এই প্ৰকল্পটো চোৱাচিতা কৰিবলৈ মাহে ১২০০ টকা বেতনেৰে এজন ৰক্ষক নিয়োগ কৰিছে । বছৰৰ পিছত বছৰ ধৰি পৰিত্যক্ত হৈ ৰৈছে প্ৰকল্পটোৰ দেৱালসমূহ ৷ লগতে অৱহেলিত হৈ পৰি ৰৈছে প্ৰকল্পটোৰ যন্ত্ৰপাতি তথা অন্যান্য সা-সৰঞ্জাম ৷

উল্লেখ্য যে, দুগ্ধ প্ৰকল্পটো নবীকৰণৰ বাবে বহু সময়ত চৰকাৰক আবেদন-নিবেদন জনাইছিল ৰাইজৰ লগতে স্থানীয় দল-সংগঠনে ৷ কিন্তু কোনো এখন চৰকাৰৰে সদিচ্ছা নহ'ল প্ৰকল্পটোৰ কাম হাতত লোৱাৰ । সেয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে, ভৱানীপুৰৰ গইলাত স্থাপন হোৱা এই দুগ্ধ প্ৰকল্পটো অতি সোনকালে নবীকৰণ কৰি গো-পালকসকলক লাভৱান কৰাৰ উপৰিও নিবনুৱাসকলক যেন সংস্থাপনৰ ব্যৱস্থা কৰে ।

প্ৰশ্ন হয় চকু পৰিবনে পশুপালন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ ? নে এনেদৰে পৰিত্যক্ত অৱস্থাতে থাকিব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰৰ গইলাত থকা দুগ্ধ প্ৰকল্পটো ? স্থানীয় ৰাইজৰ আহ্বানৰ পিছত কি ব্যৱস্থা ল'ব চৰকাৰে ? সেয়াহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক:কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ABOUT THE AUTHOR

...view details