অসম

assam

ETV Bharat / state

বৰপেটা আৱৰ্ত ভৱনত 54 হাজাৰ টকা চুৰি - ভি ভি পেট মেচিন

আৱৰ্ত ভৱনত প্ৰশিক্ষণ ল'বলৈ অহা শিক্ষক ময়দুল ইছলাম বৰাৰ বেগৰ পৰা চুৰ হয় দৰমহাৰ 54 হাজাৰ টকা ৷ শিক্ষকজনৰ বেগৰ পৰা নোহোৱা হয় টকাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰও ৷ মঙলবাৰে দুপৰীয়া ভি ভি পেট কক্ষৰ পৰা চুৰি হয় টকাখিনি

বৰপেটা আৱৰ্ত ভৱনত 54 হাজাৰ টকাৰ চুৰি

By

Published : Apr 9, 2019, 5:56 PM IST

বৰপেটা,9 এপ্ৰিলঃ বৰপেটা আৱৰ্ত ভৱনৰ ভি ভি পেট কক্ষৰ পৰা 54 হাজাৰ টকাৰ চুৰি হয় ৷ মঙলবাৰে দুপৰীয়াৰ সময়ত আৱৰ্ত ভৱনৰ ভি ভি পেট কক্ষৰ পৰা চুৰি হয় টকাখিনি ৷ নিৰ্বাচনৰ দায়িত্বত থকা বহৰিৰ তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ময়দুল ইছলাম বৰাই মঙলবাৰে এজন সহযোগীৰ সৈতে বৰপেটা ষ্টেট বেংকৰ পৰা দৰমহাৰ 54 হাজাৰ টকা উলিয়াই ভি ভি পেট সম্পৰ্কীয় প্ৰশিক্ষণৰ বাবে গৈছিল আৱৰ্ত ভৱনলৈ ৷ আৱৰ্ত ভৱনত প্ৰশিক্ষণ লৈ থকাৰ সময়ত টকাৰ বেগটো কাষতে থৈ দিছিল যদিও টকাসহ বেগটো নোহোৱা হয় ৷ 54 হাজাৰ টকাৰে সৈতে বেগখনত নিৰ্বাচন সম্পৰ্কীয় নথি,বেংকৰ পাচবুক,চেকবুক আদিও আছিল ৷

বৰপেটা আৱৰ্ত ভৱনত 54 হাজাৰ টকাৰ চুৰি

বেংকৰ পৰা টকা উলিওৱাৰ পাচৰে পৰাই কোনো দুষ্ট চক্ৰই লোকজনৰ পিছ লোৱাৰ সন্দেহ কৰা হৈছে ৷ আনকি ভিভি পেট সম্পৰ্কীয় প্ৰশিক্ষণ কক্ষত এজন ল'ৰাক প্ৰত্যক্ষও কৰিছিল কৰ্মচাৰীসকলে ৷ এই ঘটনাকলৈ বৰপেটা আৱৰ্ত ভৱনত চাঞ্চল্যৰ সৃষ্টি হয় ৷ এই ঘটনাৰ পিচতে ময়দুল ইছলাম বৰাই বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

ABOUT THE AUTHOR

...view details