অসম

assam

ঘৰৰ মাজেৰে পানী বৈ যোৱাত ৫ জন লোকে কাটিলে নৱ-নিৰ্মিত পথ !

By

Published : Jul 13, 2019, 10:22 AM IST

ঘৰৰ মাজেৰে পানীৰ সোঁত বৈ যোৱাৰ বাবে কাটি দিলে নৱ-নিৰ্মিত পথ । ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া । থানাত গোচৰ ঠিকাদাৰৰ ৷

৫ জন লোকে কাটি দিলে নৱ-নিৰ্মিত পথ !

জনীয়া, ১৩ জুলাই :বেঁকী নৈৰ বাঢ়নী পানীয়ে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাত এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । এলেকাটোৰ প্ৰত্যেকখন ঘৰতে একাঁঠু পানী হোৱা পৰিলক্ষিত হৈছে । ঠায়ে ঠায়ে পথৰ ওপৰেৰে পানী বাগৰি খহি পৰিছে পথ । পানীৰ সোঁতত খহি গৈছে পকী দলং । কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে নিশা কলগাছিয়াৰ পৰা গুনীয়ালগুৰিলৈ যোৱা বিকল্প নৱ নিৰ্মিত পথটো কাটি দিয়াৰ তথ্য পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

৫ জন লোকে কাটি দিলে নৱ-নিৰ্মিত পথ !

কিছু বছৰ পূৰ্বে বানৰ ফলত এই পথটো ছিঙি দ-খাৱৈৰ সৃষ্টি হৈছিল । চলিত বৰ্ষত এই পথছোৱা পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে টকা আবন্টন দিছিল । আৰু দুমাহ পূৰ্বে পথছোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল । কিন্তু শুকুৰবাৰে হঠাৎ বেঁকী নৈৰ পানী বাঢ়ি অহাত খাৱৈটোৰ পশ্চিম প্ৰান্তত পথৰ ওপৰেৰে পানী বাগৰি ৪ টা পৰিয়ালৰ গৃহৰ মাজেৰে পানীৰ সোঁত বৈ যায় । সেয়ে আজি পুৱা ছাদুল্লা, ইউনুচ, মাজেদ, হাবেজ উদ্দীন আৰু বাছেদ নামৰ ৫ জন লোকে নতুনকৈ নিৰ্মাণ হোৱা পথছোৱাৰ ওপৰত থকা জীও বেগ আঁতৰাই দি পানী যাবলৈ দিয়ে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । যাৰ ফলত চকুৰ পচাৰতে পথছোৱা পানীৰ সোঁতত ছিঙি যায় । ইতিমধ্যে, পথছোৱা নিৰ্মাণ কৰা ঠিকদাৰজনে অভিযুক্ত ৫ জনৰ বিৰুদ্ধে এক গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details