বৰপেটা, ২৮ মে': অসমৰ প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণাত আক্ৰান্ত আৰু নিহতৰ সংখ্যা । বৃহস্পতিবাৰৰ দিনটোত জিলাখনত পুনৰ চাৰিজন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় । ইয়াৰ লগে লগে নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পায় ।
বৰপেটাত পুনৰ ক’ভিডত প্ৰাণ হেৰুৱালে 4 জনে - বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা
বৃহস্পতিবাৰে বৰপেটাত পুনৰ চাৰিজন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাত জিলাখনত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পায় । বিপৰীতে ১৫৩ জন লোক নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হয় ।
ইয়াৰ বিপৰীতে একেটা দিনতে জিলাখনত নতুনকৈ ১৫৩ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । বৰপেটাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫১৩১ জনলৈ বৃদ্ধি হয় । মুঠ আক্ৰান্তৰ হাৰ হৈছে ৩·৪৪ শতাংশ । আনহাতে, উক্ত দিনটোত জিলাখনত ১৭৮ জন লোক সুস্থ হৈ উঠাত মুঠ ২৯৬০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে । বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২০৬৮ গৰাকী ৷ একেটা দিনতে জিলাখনত ৪৪৩৬ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয় । ইয়াৰে ভিতৰত ১৫৩ জন লোকৰ দেহত ধৰা পৰে মহামাৰীৰ অৱস্থিতি ।
লগতে পঢ়ক: নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল