পাঠশালা, 12 এপ্ৰিলঃ পাঠশালা ষ্টেট বেংকৰ পৰা আটক তিনি গৰাকী ইৰানী গোটৰ দুৰ্ধৰ্ষ ডকাইত ৷ পাঠশালা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনিগৰাকী ডকাইতক ৷ বিভিন্ন সময়ত পাঠশালাৰ ষ্টেট বেংকৰ গ্ৰাহক আৰু বন্ধন বেংকৰ কৰ্মচাৰীক লক্ষ্য কৰি লাখ লাখ টকা পিস্তল দেখুৱাই অথবা চলন্ত বাইকেৰে কাঢ়ি নি ডকাইতি কাৰ্য সংঘটিত কৰি অহা ডকাইত কেইজন ধৰা পৰিল পাঠশালা আৰক্ষীৰ হাতত ৷ ধৃত ডকাইত কেইটা ক্ৰমে বিহাৰৰ চিন্দু কুমাৰ, কোচবিহাৰৰ দীপক সিং আৰু জজনু গোৱালা ৷ পূৰ্বৰ ডকাইতি ঘটনাৰ চি চি টিভি ফুটেজ চাই দীৰ্ঘদিন ধৰি চলোৱা আৰক্ষীৰ অভিযানৰ অন্তত আটক হয় দুৰ্ধৰ্ষ ডকাইত কেইটা ৷ আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ বেশত জাল পাতি আটক কৰে তিনিওজনকে ৷
পাঠশালাত আটক ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত - আটক
দীৰ্ঘদিন ধৰি পাঠশালা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনিগৰাকী ডকাইতক লগতে উদ্ধাৰ কৰে ডকাইতি কাৰ্যত ব্যবহৃত চুৰি পালচাৰ বাইকসহ বাইক চুৰিত ব্যৱহৃত বহু সামগ্ৰী
ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত আটক
লগতে তেওঁলোকৰ পৰা ডকাইতি কাৰ্যত ব্যবহৃত JH-15R-9281 নম্বৰৰ এখন চুৰি পালচাৰ 220 বাইকসহ বাইক চুৰিত ব্যৱহাৰ কৰা কিছু সামগ্ৰী আৰু বান্দৰ কেঁকোৱাৰ কেইটামান পেকেট উদ্ধাৰ কৰিবলৈও সক্ষম হয় আৰক্ষী৷ উল্লেখ্য যে, এই তিনিগৰাকী সদস্যক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷