বৰপেটা, 2 আগষ্ট : কৰ’ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এক আশ্বৰ্যজনক ঘটনা সংঘটিত হৈছে ৷ 8 দিনলৈ উভতি নাহিল বোল বোমলৈ যোৱা 19 বছৰীয়া পুত্ৰ ৷ পুত্ৰৰ সন্ধানত থানাই থানাই ঘূৰি ফুৰিছে শোকাকুল পিতৃ-মাতৃ ৷
বিগত ২৫ জুলাইৰ সন্ধিয়া চেঙা বামপাৰা গাঁৱৰ ৰঞ্জন, সৰু, পুতু আদিৰ লগতে 6 জন বন্ধুৰ সৈতে বোল বোম উপলক্ষে আহোমৰ ৰজাদিনীয়া ডক্ৰেশ্বৰ দেৱালয়লৈ বুলি ওলাই গৈছিল ৰাজেশ বাচফৰ নামৰ 19 বছৰীয়া ল'ৰাজন ৷ ডক্ৰেশ্বৰ দেৱালয়ত খিচিৰি ৰান্ধিবলৈ মাকৰ পৰা চাউল-দালি আদিও খুজি লৈ গৈছিল ৰাজেশে ৷ ওলাই যোৱাৰ পিছত ল'ৰাজন পুনৰ উভতি নাহিল ঘৰলৈ ৷
ইপিনে ৰাজেশক বিচাৰি মাতৃয়ে ফোন কৰাৰ পিচত এজন যুৱকে ৰাজেশৰ ম’বাইল আৰু গামোচাখন দেৱালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ বাহিৰে আন কোনো খবৰ নাই বুলি যুৱকজনে ৰাজেশৰ মাতৃক জনায় ৷ পিছে ৰাজেশ কলৈ গ’ল, কি হ’ল এই বিষয়ে বন্ধুসকলে আজি পৰ্যন্ত ৰাজেশৰ পিতৃ-মাতৃক একো জনোৱা পৰিলক্ষিত নহ’ল ৷