অসম

assam

ETV Bharat / state

DPRC Foundation Day: দিগন্ত দাসৰ ডিপিআৰচিয়ে পূৰ্ণ কৰিলে 11টা বছৰ; তিনিজন বিশিষ্ট ব্যক্তিক ডিপিআৰচি বঁটা প্ৰদান

বৰপেটা জিলা পুথিভঁৰালত ডিপিআৰচিৰ 11 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান ৷ হেমন্ত দত্ত, প্ৰশান্ত জ্যোতি বৰুৱা আৰু নাৰায়ণ বৰদলৈক ডিপিআৰচি বঁটা প্ৰদান ৷

11th Anniversary Celebration of DPRC
তিনিজন বিশিষ্ট ব্যক্তিক ডিপিআৰচি বঁটা প্ৰদান

By

Published : Jul 16, 2023, 1:55 PM IST

বৰপেটা জিলা পুথিভঁৰালত ডিপিআৰচিৰ একাদশ বৰ্ষপূৰ্তি অনুষ্ঠান

বৰপেটা, 16 জুলাই :দিগন্ত দাসৰ ডিপিআৰচিয়ে পূৰ্ণ কৰিলে সফলতাপূৰ্ণ 11 টা বছৰ ৷ ডিপিআৰচিৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হেমন্ত দত্ত, প্ৰশান্ত জ্যোতি বৰুৱা আৰু নাৰায়ণ বৰদলৈক ডিপিআৰচি বঁটা প্ৰদান ৷ 11 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিল ৰাজনীতি, সামাজিক, সাংস্কৃতিক, সংবাদ ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি ৷

সাংবাদিক দিগন্ত দাস ৷ 2010 চনৰ 5 জুলাইত এটা পথ দুৰ্ঘটনাত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হোৱা দিগন্ত দাসে অকল্পনীয় আৰু প্ৰচণ্ড মানসিক শক্তিৰ বলত আজি দুভৰিত থিয় হ’বলৈ সক্ষম হৈছে ৷ চিকিৎসকে আজীৱন হুইল চেয়াৰতে জীৱন কটাব লাগিব বুলি কোৱা দিগন্ত দাসে নিজে সন্মুখীন হোৱা সমস্যাৰ লগতে আন দহজনকো জীৱনৰ বাট দেখুৱাবলৈ 11 বছৰ পূৰ্বে আৰম্ভ কৰিছিল দিগন্ত'জ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেছন চেন্টাৰ চমুকৈ ডিপিআৰচি ৷ ডিপিআৰচিয়ে শনিবাৰে সম্পূৰ্ণ কৰিলে 11 টা বছৰ ৷

ডিপিআৰচিৰ 11 সংখ্যক বৰ্ষপূৰ্তি শনিবাৰে বৰপেটা জিলা পুথিভৰালত পালন কৰা হয় ৷ বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানতে দিগন্ত দাসে প্ৰকাশ কৰে ভৱিষ্যত পৰিকল্পনাৰ কথাও ৷ ডিপিআৰচিৰ এই 11 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিৱ ধ্ৰুৱ মহন্ত, সাংবাদিক মৃণাল তালুকদাৰ, প্ৰণয় বৰদলৈ, প্ৰশান্ত ৰাজগুৰু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আৰক্ষী অধীক্ষক অমিতাভ সিনহা আদিকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানতে বিশিষ্ট নাট্যকাৰ, অভিনেতা হেমন্ত দত্তক ডিপিআৰচি কলা-সংস্কৃতি বঁটা, বিশিষ্ট সাংবাদিক, আসাম ট্ৰিবিউনৰ সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাক ডিপিআৰচি সাংবাদিকতা বঁটা আৰু বিশিষ্ট চকু চিকিৎসক ডাঃ নাৰায়ণ শৰ্মাক ডিপিআৰচি চিকিৎসা সেৱা বঁটা প্ৰদান কৰা হয় ৷ এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ আৰম্ভণিতে থিয় নাম, খোলবাদ্য, ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ লগতে অসমৰ জনপ্ৰিয় শৰীৰচৰ্চাবিদ মিঃ ইউনিভাৰ্চ মহাদেৱ ডেকাই শৰীৰচৰ্চাৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি ফিনিক্স নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় ৷ জনপ্ৰিয় কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ গীতৰ শৰাইৰে সামৰণি মৰা হয় ডিপিআৰচিৰ 11 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান ৷

লগতে পঢ়ক:Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা

ABOUT THE AUTHOR

...view details