অসম

assam

By

Published : Nov 15, 2021, 11:46 AM IST

ETV Bharat / state

103 সংখ্যক জন্মবাৰ্ষিকীত স্মৰণ গীতিকাৰ পুৰুষোত্তম দাসক

‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন’ গীতৰ স্ৰষ্টা পুৰুষোত্তম দাসক তেখেতৰ জন্ম বাৰ্ষিকীত সত্ৰনগৰী বৰপেটাত স্মৰণ ও শ্ৰদ্ধা তৰ্পণ কৰা হয় ৷

103 rd birthday of purushottam das
পুৰুষোত্তম দাসক তেখেতৰ 103 সংখ্যক জন্মদিনত স্মৰণ

বৰপেটা, 15 নৱেম্বৰ : বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক সংস্থা ‘তাতীঁকুছি’য়ে জন্ম বাৰ্ষিকীত সোঁৱৰণ কৰে বৰপেটাৰ গুণী শিল্পী পুৰুষোত্তম দাসক ৷ বৰপেটাৰ ‘তাঁতীকুছি’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে অসমীয়া লোক সংগীতৰ উদ্ধাৰ, প্ৰচাৰ, প্ৰসাৰ আৰু অসমীয়া সংগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পুৰুষোত্তম দাসক তেখেতৰ 103 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰে ৷

শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন গীতৰ স্ৰষ্টা পুৰুষোত্তম দাসক তেখেতৰ জন্ম বাৰ্ষিকীত সত্ৰনগৰী বৰপেটাত স্মৰণ ও শ্ৰদ্ধা তৰ্পণ ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুগজয়ী শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি তৰ্পণ কৰা হয় ৷ উক্ত অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক, সাংবাদিক, কলাগুৰু বটাঁপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰক ‘তাঁতীকুছি বঁটা’ প্ৰদান কৰা হয় ৷

একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসক তেখেতৰ 103 সংখ্যক জন্মদিনত স্মৰণ

উল্লেখ্য যে, সত্ৰনগৰী বৰপেটাৰ পূৰ্বৰ নাম আছিল তাঁতীকুছি ৷ এই স্মৃতিতেই তাঁতীকুছি নামৰ সংস্থাটোৱে প্ৰতিবছৰে ‘তাঁতীকুছি বঁটা’ প্ৰদান কৰি আহিছে ৷

একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসক তেখেতৰ 103 সংখ্যক জন্মদিনত স্মৰণ ৷

আনহাতে, উক্ত অনুষ্ঠানতে প্ৰাক্তন বিধায়ক, ৰাজনীতিক ডাঃ তাৰাপ্ৰসাদ দাসক ‘সমাজ দৰদী মথুৰাপুৰী বঁটা’ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসকে মুখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷

লগতে চাওক :ডিফুত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠ অনুসূচী সন্দর্ভত আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details