অসম

assam

ETV Bharat / state

অস্বাস্থ্যকৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ দাৰাগাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ - বাক্সা জিলা

বাক্সা জিলাৰ মুছলপুৰ সদৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱৰ প্ৰায় শতাধিক পৰিয়ালে বিগত বহু বছৰে পাহাৰৰ পৰা পাইপেৰে অনা পানী খাই, আক্ৰান্ত হৈ আহিছে ভিন্ন ৰোগত ৷

water problem in daragaon, baksa district
water problem in daragaon, baksa district

By

Published : Jun 14, 2020, 4:39 PM IST

বাক্সা, 14 জুন :বিগত বহু বছৰে পাহাৰৰ পৰা পাইপেৰে অনা পানী খাই জীৱন নিৰ্বাহ কৰি আছে বাক্সা জিলাৰ মুছলপুৰ সদৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱৰ প্ৰায় শতাধিক পৰিয়ালে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ কিছু নিলগত এটা বৰিং নিৰ্মাণ কৰোৱা হৈছিল যদিও, বৰ্তমান বিকল অৱস্থাত পৰি আছে বৰিঙটো ৷

অস্বাস্থ্যকৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ দাৰাগাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ

আনহাতে, ৰাইজে কেইবাবাৰো নিজৰ টকাৰে পানীৰ বৰিঙটো মেৰামতি কৰিছিল যদিও, পুনৰ বিকল হৈ পৰে বৰিঙটো ৷ যাৰ বাবে পাহাৰৰ পৰা বৈ অহা অস্বাস্থ্যকৰ পানী খাই ভিন্ন সময়ত ভিন্ন ৰোগত আক্ৰান্ত হৈ আহিছে স্থানীয় লোকসকল ৷ সম্প্ৰতি অঞ্চলটোৰ শতাধিক পৰিয়ালে সংবাদ মাধ্যমযোগে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : ৰহিলা খুড়ীলৈ আৰ্থিক সাহাৰ্য

ABOUT THE AUTHOR

...view details