অসম

assam

ETV Bharat / state

পাগলাদিয়াৰ উন্মাদ বান ৰোধিবলৈ আপ্ৰাণ চেষ্টা স্থানীয় ৰাইজৰ

পাগলাদিয়া নদীৰ খহনীয়াত উছন বহু পৰিয়ালৰ ঘৰ-মাটি ৷ ইফালে জনপ্ৰতিনিধিৰ ভুৱা প্ৰৱঞ্চনাৰ বলি সাধাৰণ ৰাইজ ৷ উপায়ন্তৰ হৈ পাগলাদিয়া নদীৰ সংহাৰী ৰূপ ৰোধিবলৈ নিজা প্ৰচেষ্টাৰে হাতে-কামে লাগিছে স্থানীয় ৰাইজ ৷ বাঁহৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰি পাগলাদিয়াক ৰোধৰ চেষ্টা গাঁওবাসীৰ ৷

By

Published : Jun 9, 2020, 1:41 PM IST

villagers trying to control coastal erosion of pagladia river
পাগলাদিয়াৰ উন্মাদ ৰোধিবলৈ আপ্ৰাণ চেষ্টা স্থানীয় ৰাইজৰ

বাক্সা,9 জুনঃপাগলাদিয়া নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ নৈখনৰ খহনীয়াত ইতিমধ্যে উছন হৈছে 35টাকৈ পৰিয়ালৰ ঘৰ-বাৰী ৷ বিগত পাচটা বছৰ পাগলাদিয়াৰ গৰাখহনীয়াই চৰণজংঘল ,উপৰচৰীয়া ,কান্দুলীমাৰা আৰু ঘোৰামাৰা গাঁৱৰ যথেষ্ট ক্ষতি সাধন কৰি আহিছে । নৈখনৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে নৈখনৰ গাতে লাগি থকা চৰণজংঘলৰ বহুকেইটা পৰিয়ালৰ ঘৰ বাৰী ,চৰণজংঘল বাথৌগুৰি প্ৰাথমিক বিদ্যালয় নিশ্চিহ্ন হৈ পৰিব মানচিত্ৰৰ পৰা ।

পাগলাদিয়াৰ উন্মাদ ৰোধিবলৈ আপ্ৰাণ চেষ্টা স্থানীয় ৰাইজৰ

পাগলাদিয়া বান্ধ খহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি কেশৱ দাস আৰু সম্পাদক সঞ্জীৱ বড়োই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী আৰু এমচিএল এ বিজিত গৌৰা নাৰ্জাৰীক নৈ খনৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে কেইবাবাৰো কাকূতি -মিনতি কৰাৰ পিছতো কোনো সুফল নাপালে স্থানীয় ৰাইজে ৷

ইমানুৱেল মুছাহাৰী আৰু বিজিত গৌৰা নাৰ্জাৰীয়ে নৈখনৰ খহনীয়া ৰোধৰ আঁচনি এখন গ্ৰহণ কৰা বুলি বিগত বাৰিষাই ৰাইজক কৈছিল যদিও পুনৰ বাৰিষা নামি অহাৰ পিচতো আঁচনিৰ একো উম-ঘাম নাই । ফলত অঞ্চলটোৰ ৰাইজ ক্ষুন্ন হৈ পৰে আৰু গাঁওখনৰ পাঁচটা চুবুৰীৰ ৰাইজে মাৰ বান্ধি পাগলাদিয়াক ৰোধিবলৈ সংকল্প গ্ৰহণ কৰে । গাঁৱখনৰ বান্ধ প্ৰতিৰোধ সমিতিৰ নেতৃত্বত দুই শতাধিক ৰাইজে প্ৰতিটো পৰিয়ালৰ পৰা ত্ৰিশ টকা আৰু বাঁহ চাৰি পাঁচ ডালকৈ সংগ্ৰহ কৰি নৈখনত বাঁহৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰে । ভূটান পাহাৰৰ পৰা তীব্ৰ বেগেৰে বৈ অহা পাগলাদিয়াক বাঁহৰ পাৰ্কুপাইনেৰে ৰোধ কৰা সম্ভৱ হ'ব নে নহয় সেইটো এতিয়াও অনিশ্চিত ।

বান্ধ নিৰ্মাণ স্থলীৰ পৰাই ৰাইজে বিটিচি প্ৰশাসন তথা অসম চৰকাৰক বিত্তীয় বৰ্ষতে গৰাখহনীয়া ৰোধৰ বাবে এখন আঁচনি যুগুত কৰি কাৰ্যকৰী কৰি বৃহত্তৰ অঞ্চলটোক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়কঃমহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক

ABOUT THE AUTHOR

...view details