অসম

assam

বৰমাত ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োক উষ্ম আদৰণি

By

Published : Mar 17, 2021, 8:48 AM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলবাৰে ইউপিপিএল দলে ঘোষণা কৰিলে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ৷ তালিকাত বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ভূপেন বড়োৰ নাম প্ৰকাশ পোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় সমষ্টিটোৰ দলীয় নেতা সমৰ্থকৰ মাজত ৷

বৰমাত ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োক উষ্ম আদৰণি
বৰমাত ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োক উষ্ম আদৰণি

বাক্সা,17 মাৰ্চ:বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে মঙলবাৰে ইউপিপিএল দলে ঘোষণা কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ৷ তালিকাত বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ভূপেন বড়োৰ নাম প্ৰকাশ পোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় সমষ্টিটোৰ দলীয় নেতা সমৰ্থকৰ মাজত ৷ টিকট লাভৰ পাচতে অসংখ্য সমৰ্থক তথা দলীয় কৰ্মীয়ে সমষ্টিটোলৈ উষ্ম আদৰণি জনাই প্ৰাৰ্থী গৰাকীক ৷

বৰমাত ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োক উষ্ম আদৰণি

প্ৰাৰ্থী ভূপেন বড়োৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে, এইবাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত ইউপিপিএল দলৰ পৰা ভূপেন বড়ো বিধায়ক হ’লে বৰমা সমষ্টিৰ ৰাইজৰ বাবে সেৱা কৰি যাব ৷ আনফালে বৰমা সমষ্টিত কংগ্ৰেছ মহাজোঁটৰ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্দলীয় প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাত অধিক আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ ৷ সমষ্টিটোত নৱ কুমাৰ শৰণীয়াই নিৰ্দলীয় হৈ মনোনয়ন প্ৰদান কৰাৰ সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়োক প্ৰক্ষেপ কৰাত নিৰ্বাচনী যুঁজখন যে আকৰ্ষণীয় হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:বিপিএফৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই

ABOUT THE AUTHOR

...view details