দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পসহ দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ
স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে যাতে কোনো কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অধিক শতৰ্কতাৰে দেশৰ ৰাজধানী নতুন দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ৰাজপথত চলোৱা হৈছিল তালাচী অভিযান ৷ ইয়াৰ মাজতে 14 আগষ্টত ৰাজধানী চহৰ দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পৰ নথি-পত্ৰসহ দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Delhi Police arrests two Bangladeshi nationals)৷
স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুক্তি দিলে বিলকিছ বানু ধৰ্ষণ গোচৰৰ 11 কাৰাবন্দীক
স্বাধীনতাৰ 75 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ (Azadi Ka Amrit Mahotsav) অংশ হিচাপে দেশৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল (Rape convicts released from jail in Gujrat) ৷ সেইসকল কয়দীৰ মাজত স্থান লাভ কৰিলে বিলকিছ বানুৰ ধৰ্ষণকাৰী এই 11 গৰাকী কাৰাবন্দীয়ে (Bilkis Bano rape convicts) ৷
স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক
স্বাধীনতা দিৱসৰ দিনাই আৰক্ষীয়ে তালাচী চলাই জৰিমনা বিহিলে বাইক আৰোহীক (Police searched the bike and fined the rider) ৷
বাংগালুৰুত প্ৰদৰ্শিত হ’ল 20 টন সতেজ পাচলি ব্যৱহাৰেৰে তৈয়াৰ কৰা ত্ৰিৰংগা
ৱেকুল খাদ্যই সোমবাৰে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) অভিযানৰ লগত সংগতি ৰাখি প্ৰায় 20 টন ওজনৰ সতেজ পাচলি ব্যৱহাৰ কৰি 7,632 বৰ্গফুট এলেকা আঁৱৰি এখন ভাৰতীয় পতাকা তৈয়াৰ কৰে ।
6 বছৰীয়া কণমানিক ধৰ্ষণৰ পাছত হত্যা কৰি পেলাই থৈ গ’ল নলাত
খুড়ীয়েকৰ ঘৰত খেলি ঘৰলৈ উভতাৰ পথত অচিনাক্ত যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী 6 বছৰীয়া কিশোৰীক (6 years minor girl raped and murdered)৷ সমগ্ৰ ঘটনা বন্দী হ’ল চিচিটিভি কেমেৰাত ৷