অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Nov 17, 2021, 5:04 PM IST

Dowry : স্বামীয়ে বিচৰা ধন দিব নোৱাৰি মাতৃগৃহ পালেহি বৰ্ণালী

স্বামীগৃহই দাবী কৰা ধন দিব নোৱাৰি মাতৃগৃহত উপস্থিত পুৰণিগুদামৰ এগৰাকী বোৱাৰী ৷ প্ৰায় 4 বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা বোৱাৰীগৰাকীক বিয়াৰ পিছৰে পৰা যৌতুক(Dowry) বিচাৰি শাৰিৰীক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা সংক্ৰান্তত মৰাণ থানা(Moran Police station)ত গোচৰ ৰুজু হৈছে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ উত্থাপন ৷

GMC ELECTION : 2022ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন

বছৰৰ আৰম্ভণিতেই হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে এতিয়া শাসকীয় দল আৰু বিৰোধী দলসমূহৰ মাজত পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি কুচকাৱাজ আৰম্ভ হোৱা দেখা গৈছে ৷

'Bangarraju'ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন-নাগা চৈতন্যক

আহিবলগীয়া ছবি 'Bangarraju' ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন অক্কিনেনী আৰু তেওঁৰ পুত্ৰ নাগা চৈতন্য অক্কিনেনীক ৷

Syndicate:বৰাকত নতুন ৰূপত আৰম্ভ চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

নতুন লবীৰ দ্বাৰা নতুন ৰূপত বৰাকৰ পৰা আৰম্ভ হোৱা চিণ্ডিকেটৰ আঁৰত বিজেপি নেতা । অভিযোগ অনুসৰি এজন সাংসদ আৰু এজন বিধায়কৰ নেতৃত্বত বৰাকত আৰম্ভ হৈছে ম্যানমাৰৰ পৰা অহা চুপাৰি আৰু মেঘালয়ৰ পৰা অহা চূণশিলৰ চিণ্ডিকেট । ইফালে কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰাৰ বাবে কৰিমগঞ্জৰ পৰা আঁতৰোৱা হ'ল কঠোৰ স্থিতি গ্ৰহণ কৰা জিলাখনৰ উপায়ুক্তকো ।

BTC Assembly:অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদ ভৱনত সাংবাদিকৰ প্ৰতিবাদ

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ পৰিষদীয় অধিৱেশন । কিন্তু অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদীয় ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সাংবাদিকে । কিহৰ বাবে সাংবাদিকসকলৰ এই প্ৰতিবাদ ?

গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

আগন্তুক 20 আৰু 21 নৱেম্বৰত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূৱ শৈক্ষিক সন্মিলন(North East Education Conclave) । শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্বন(Sankardev Education and Research Foundation) নামৰ এটা অনুষ্ঠানৰ সৈতে যৌথভাৱে এই সন্মিলনৰ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে(Education Department) । বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr Ranoj Pegu)য়ে ৷

UNSC ত পুনৰ পাকিস্তানক সকীয়নি ভাৰতীয় প্ৰতিনিধিৰ

ৰাষ্ট্ৰসংঘত কাশ্মীৰৰ বিষয় উত্থাপন কৰাকলৈ পাকিস্তানক পুনৰ সমালোচনা ভাৰতৰ । নিৰাপত্তা পৰিষদৰ বৈঠকত ভাৰতৰ স্থায়ী অভিযানৰ পৰামৰ্শদাতা ড৹ কাজল ভাটে ইছলামাবাদক তীব্ৰ সমালোচনা কৰে । কেন্দ্ৰীয় শাসিত অঞ্চলত পাকিস্তানে বেদখল কৰি থকা স্থান অতি শীঘ্ৰে খালী কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে ড৹ কাজল ভাটে ।

Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলৰ বাবে ভ্ৰমণৰ সতৰ্কতাবাণী জাৰি কৰিছে আমেৰিকাই ৷ সন্ত্ৰাসবাদজনিত কাৰ্যকলাপৰ বাবে জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰত-পাক সীমান্তৰ দাঁতিকাষৰীয়া অঞ্চললৈ আমেৰিকান নাগৰিকসকলক ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷

Tripura Violence : ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সৰৱ Press Club of India

শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীস্থিত এটা সংবাদ প্ৰতিষ্ঠানৰ দুই সাংবাদিকক । ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা দুই সাংবাদিকৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা এই ব্যৱস্থাক সমালোচনা প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ । ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ ।

Jayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

মঙলবাৰে নিশা মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(jayanagar Road accident) ৷ উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা গাখীৰ কঢ়িওৱা বাহনত ৷ দুৰ্ঘটনাৰ পিছতে তীব্ৰবেগী দুখনকৈ বাহন চালকৰৰ পলায়ন ৷

ABOUT THE AUTHOR

...view details