অসম

assam

By

Published : Mar 4, 2022, 1:02 PM IST

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Fire hits running car: শিৱসাগৰৰ ভটিয়াপাৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই

শিৱসাগৰৰ ৰাজপথত হঠাৎ দাউ-দাউকৈ জ্বলি উঠিল এখন বিলাসী বাহন (Fire hits running car) ৷ সৌভাগ্য ক্ৰমে কথমপি ৰক্ষা পৰিল চালক নৱজ্যোতি দত্তৰ

Encounter in Charaideo : অসম আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ

চৰাইদেউৰ সোণাৰিত অসম আৰক্ষীৰ গুলীচালনা (Assam Police Encounter) ৷ অসম আৰক্ষীৰ গুলীত আহত হয় সুৰজ গগৈ নামৰ এজন লোক ৷ আৰক্ষীৰ সন্দেহ অভিযুক্ত সুৰজ গগৈ জড়িত আছে আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযানত ৷

Virat Kohli's 100th Test: ১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আন এক কৃতিত্ব । দেশৰ হৈ ১০০ খন টেষ্ট খেলা ভাৰতীয় খেলুৱৈসকলৰ তালিকাত অন্তৰ্ভুক্ত হ'ল কোহলীৰ নাম (Virat Kohli plays 100 Tests for the country)। বি চি চি আইৰ তৰফৰ পৰা সম্বৰ্ধনা কোহলীক ।

Shivaratri Mahotsav at Sivadol: শিৱৰাত্ৰি মহোৎসৱৰ অন্তিম দিনা শিৱদৌলত কণ্ঠশিল্পী কল্পনা পাটোৱাৰী

শিৱদৌলৰ মহাশিৱৰাত্ৰি মহোৎসৱৰ অন্তিম দিনা শিৱসাগৰত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী(Kalpana Patwari visited on the last day of Shivaratri Mahotsav at Sivadol) ৷ শিৱদৌলৰ মহা শিৱৰাত্ৰি মহোৎসৱৰ(International Shiva Festival 2022) অন্তিম দিয়াৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷

ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্পত অগ্নিকাণ্ড

ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰে ৰাছিয়াৰ সৈন্যই(Russian troops shell Europe's Largest Nuclear Power Plant) ৷ ইয়াৰ পাছতেই যুদ্ধবিৰতিৰ আহ্বান জনাইছে ইউক্ৰেইনে(Ukraine calls for ceasefire) ৷ ই সমগ্ৰ ইউৰোপতেই পাৰমাণৱিক বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ কৰাৰ আশংকা কৰা হৈছে ৷

Russia-Ukraine conflict: ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ

ইউক্ৰেইনত পুনৰ গুলীবিদ্ধ হৈছে আন এজন ভাৰতীয় ছাত্ৰ(Indian student shot in Ukraine) ৷ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত চলি থকা গুলীয়াগুলীত আহত হয় ভাৰতীয় ছাত্ৰজন ।

Eviction drives in Kaziranga animal corridors : কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্চেদ অভিযান

সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাচতো কাজিৰঙাৰ এনিমেল কৰিড’ৰত চলিছে অবৈধ নিৰ্মাণ কাৰ্য ৷ যাকলৈ এতিয়া কঠোৰ হৈছে কলিয়াবৰ জিলা প্ৰশাসন ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰ হালধিবাৰীত চলোৱা এই নিৰ্মাণকাৰ্যত বৃহস্পতিবাৰে চলিল বোকাখাত মহকুমা প্ৰশাসনৰ হাতোৰা (Bokakhat administration carried out eviction drives in Kaziranga animal corridors) ।

মিজোৰামত ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

মিজোৰামত ২৪ টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ শুভ উদ্বোধন (Sonowal inauguration of 24 AYUSH Health and Wellness Centres in Mizoram) । মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচলিত ঔষধ প্ৰণালীকে ধৰি ভাৰতৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি পদ্ধতিৰ সৰ্বাংগীণ বিকাশ আৰু প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ । দুদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নাগালেণ্ডত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ক ডিমাপুৰত সাক্ষাৎ কৰে ।

KGF trailer: দক্ষিণৰ অভিনেতা যশৰ বহু প্ৰতীক্ষিত ছবি 'কেজিএফ-২'ৰ ট্ৰেইলাৰ মুকলি হ’ব 27 মাৰ্চত

দক্ষিণ অভিনেতা যশৰ বহু প্ৰতীক্ষিত ছবি 'কেজিএফ-২'ৰ ট্ৰেইলাৰৰ তাৰিখ ঘোষণা কৰা হৈছে (KGF trailer release) । চলিত মাহৰ ২৭ তাৰিখে সন্ধিয়া ৬.৪০ বজাত মুক্তি দিয়া হ'ব প্ৰথমটো ট্ৰেইলাৰ ।

দক্ষিণৰ ছবিৰ হিন্দী ৰিমেকত কোন থাকিব বলীউডৰ অভিনেতা ?

২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা দক্ষিণৰ ছবি এখনে আলোড়নৰ সৃষ্টি কৰিছিল । ছবিখন সমালোচক আৰু অনুৰাগীসকলৰ দ্বাৰা যথেষ্ট প্ৰশংসিত হৈছিল । এতিয়া এই ছবিখনৰ হিন্দী ৰিমেক কৰিবলৈ লোৱা হৈছে (South film hindi remake) য’ত বলীউডৰ এই দুজন চুপাৰষ্টাৰক লৈ আলোচনা-বিলোচনা চলি আছে ।

ABOUT THE AUTHOR

...view details