অসম

assam

ETV Bharat / state

বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ কৰিলে বাংগালুৰুৰ তালাচে - বাংগালোৰত উদ্ধাৰ অসমৰ বাক্সাৰ তিনিগৰাকী কিশোৰী

মানৱ সৰবৰাহকাৰী চক্ৰৰ জালৰ পৰা বাংগালোৰত উদ্ধাৰ অসমৰ বাক্সাৰ তিনিগৰাকী কিশোৰী ৷ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উদ্ধাৰ কৰে কিশোৰীকেইগৰাকীক ৷

Three girl from Baksa rescue in Bangalore
বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ বাংগালুৰুত

By

Published : Nov 26, 2019, 10:35 PM IST

বাক্সা, 26 নৱেম্বৰঃ বাংগালুৰুত উদ্ধাৰ বাক্সাৰ তিনি কিশোৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰি বাংগালুৰুলৈ যোৱা বৃহত্তৰ নাগ্ৰীজুলিৰ তিনি কিশোৰীক বাংগালুৰুৰ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উদ্ধাৰ কৰে ৷ কিশোৰীগৰাকীক উদ্ধাৰ কৰি স্বেচ্ছাসেৱী সংস্থাটোৱে বাংগালুৰুস্থিত CWCৰ হাতত গতাই দিয়ে ৷ তেওঁলোকে কিশোৰীকেইগৰাকীৰ সঠিক পৰিচয় সংগ্ৰহ কৰি বাক্সা আৰক্ষীৰ লগত যোগোযোগ কৰি ঘটনাটো অৱগত কৰে ৷ বাক্সা আৰক্ষীয়ে তামুলপুৰ আৰক্ষী আৰু নাগ্ৰীজুলি আৰক্ষীৰ সহযোগত তদন্ত কৰি কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়াল সমূহ চিনাক্ত কৰে ৷

বাক্সাৰ তিনি কিশোৰী উদ্ধাৰ বাংগালুৰুত

উল্লেখ্য যে যোৱা 18 নৱেম্বৰত তামুলপুৰ আৰু নাগ্ৰীজুলিৰ পৰা এটা আৰক্ষীৰ দল বাংগালুৰুলৈ ৰাওনা হয় আৰু CWCৰ লগত যোগাযোগ কৰি কিশোৰী কেইগৰাকীক বাংগালুৰুৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ আনে ৷ কিশোৰী কেইগৰাকীৰ ভাষ্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাস নামৰ লোক এজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷ আনহাতে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই উল্লেখ কৰা মতে শুক্লা দাস বৰ্তমান পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ তিনিচুকীয়াৰ মুনিনৰ 'প্ৰজ্ঞা'

ABOUT THE AUTHOR

...view details