বাক্সা, 11 এপ্ৰিল :মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতেমা এলেকাৰ চিদাঝাৰত শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা ৩ টাকৈ গঁড়ৰ পোৱালী সংস্থাপন কৰা হয় । সম্প্ৰতি তিনি হেক্টৰ মাটি কালিৰ এলেকাত স্থাপিত বমাত (এনক্লোঝাৰ) দুমাহৰ বাবে গঁড়ৰ পোৱালী তিনিটাক বনবিভাগে ৰখাৰ ব্যৱস্থা কৰে । গঁড়ৰ পোৱালীৰ তিনিটাৰ ভিতৰত দুটা মাইকী আৰু এটা মতা পোৱালী । উল্লেখ্য যে, ২০১৯ চনৰ ভয়াবহ বানৰ সময়ত আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ পোৱালী তিনিটাক উদ্ধাৰ কৰি পাণবাৰীৰ "বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ"ত প্ৰতিপাল কৰি ৰখা হৈছিল ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ পোৱালী তিনিটা আনুষ্ঠানিকভাবে মুকলি কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শৰ্মাই কয় যে, "মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই তিনিটা গঁড়ক লৈ ৪৭ টালৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা । আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আন দুটি পোৱালীৰ সন্ধানো পোৱা গৈছে । সেই দুটা পোৱালীৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ৪৯ টা লৈকে বৃদ্ধি পাইছে । বিগত ২০০৬ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এতিয়ালৈকে মুঠ ২১ টা গঁড় অনা হয় । অহা ১৩ এপ্রিলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু দুটা গড়ৰ পোৱালী আহিব । সেই দুটাক লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা ৫১ টালৈ বৃদ্ধি পাব ।"