বাক্সা, ৭ ফেব্ৰুৱাৰী : বাক্সাৰ নিকাছী আৰক্ষী চকী অন্তৰ্গত এখন জুৱেলাৰী দোকানত শনিবাৰে এক চুৰিকাণ্ড সংঘটিত হয় ৷ নিকাছীৰ বিশ্বকৰ্মা জুৱেলাৰী নামৰ দোকানত সংঘটিত হয় এই চুৰি কাণ্ড ৷
সাংবাদিকক জানিবলৈ দিয়া অনুসৰি দোকানৰ দৰ্জা ভাঙি চোৰে লুটি নিয়ে ডেৰ তোলা সোণ, চাৰি কিলো ৰূপৰ লগতে অন্যান্য সামগ্ৰী ৷ দোকানৰ মালিক শান্তি বিশ্বকৰ্মা নামৰ মহিলাগৰাকীয়ে দেওবাৰে পুৱা দোকান খুলিবলৈ অহাৰ সময়তে উক্ত চুৰিকাণ্ড প্ৰত্যক্ষ কৰে ৷ দোকানখনৰ পিচফালৰ দৰ্জা ভাঙি চোৰে দোকানখনত প্ৰৱেশ কৰে বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে ৷