বাক্সা,5নৱেম্বৰ:বাক্সা জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউপিপি এল দলৰ ১১ দিনীয়া পৰিৱৰ্তন পদযাত্ৰা আজি সমাপ্ত হয় । যোৱা ২১ অক্টোবৰত কুমাৰীকাটাৰ পৰা ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰাৰ আৰম্ভণি হৈছিল । বিগত ১১ দিনত প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰী তথা দলীয় সমৰ্থক সকলে ২২০ কিলোমিটাৰ খোজ কঢ়া বুলি সদৰি কৰে ।
সমাপ্ত হ’ল ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা
আজি সমাপ্ত হয় ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা ৷ এই পদযাত্ৰাৰ সময়ত ইউপিপিএল দলে ১১ দিনত ২২০ কিলোমিটাৰ খোজ কাঢ়ে বুলি জনালে ইউপিপিএলৰ প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰীয়ে ।
সমাপ্ত হ'ল ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা
উল্লেখ্য যে, আজি ৩নং ভিচিডিচিৰ দোহা-আঙাৰকাটাৰ গাঁৱত ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকীক আদৰণি জনোৱাৰ সময়ছোৱাত বহু লোকৰ সমাগম হয় ৷ পদযাত্ৰাত ফনিন্দ্ৰ নাৰ্জাৰীয়ে ৰাইজৰ সমৰ্থন দেখি আৱেগিক হৈ সমষ্টিবাসীক পদযাত্ৰাত অংশগ্ৰহণ কৰি সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
অন্য এক খবৰৰ বাবে: চিৰাঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী