অসম

assam

ETV Bharat / state

বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু

বিনা বেতনেৰে শিক্ষকতা কৰি অৱশেষত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱটিবলগীয়াত পৰিল বাক্সা জিলাৰ গোৰেশ্বৰৰ শিক্ষক জানিৰাম ডেকাই৷

By

Published : May 14, 2019, 4:51 AM IST

বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু


গোৰেশ্বৰ : ৩৫ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অৰ্থৰ অভাৱত সোমবাৰে মৃত্যুক সাৱটিলে গোৰেশ্বৰৰ আউৰীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জানিৰাম ডেকাই৷ ১৯৮৪ চনতে বাক্মা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ আউৰীয়াপাৰা গাঁৱত নিজা প্ৰচেষ্টাত বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্বত নিয়োজিত আছিল জানিৰাম ডেকা৷


বিদ্যালয় খনে ১৯৯০ চনতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা স্বীকৃতি লাভ কৰিছিল যদিও বিভাগটোৰ হেমাহিৰ বাবে আজিলৈ প্ৰাদেশিকৃত হোৱাৰ পৰা বঞ্চিত হৈ থাকিল৷ যাৰ ফলতেই দীৰ্ঘদিনে বেতন লাভৰ পৰাও বঞ্চিত হৈ থাকে দুৰ্ভগীয়া শিক্ষক গৰাকী৷ অৰ্থৰ অভাৱৰ বাবে শৰীৰত থিতাপি লোৱা বেমাৰৰ চিকিৎসা কৰিব নোৱাৰি সোমবাৰে কৰুণভাৱে মৃত্যুক সাৱটে শিক্ষকগৰাকীয়ে৷ জানিৰাম ডেকাৰ অকাল মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

ABOUT THE AUTHOR

...view details