বাক্সা, 14 মে': বহিঃৰাজ্যৰ পৰা যুৱক-যুৱতী সকল নিজ ৰাজ্যলৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই বিষয়ত বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন জাতীয় দল সংগঠনৰ সৈতে আলোচনাত মিলিত হয় বিষয়া আৰু বিধায়ক ইমানুৱেল মুছাহাৰী ।
বহিঃ ৰাজ্যৰ পৰা অহা যুৱক-যুৱতীসকল অহাৰ পিছত কেনেদৰে "হম কোৱাৰেন্টাইন" কৰিব পাৰি আৰু সকলোকে কেনেদৰে নিৰাপদে ৰাখিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় আৰু জাতীয় সংগঠন সমূহৰ নেতাৰ মতামত লোৱা হয় ।