অসম

assam

ETV Bharat / state

বাক্সাৰ গুৱাবাৰীত ৰাইজৰ দ্বাৰা চেনিটাইজেশ্যন - বাক্সাৰ গুৱাবাৰী

মঙলবাৰে লক ডাউনৰ সপ্তম দিন ৷ এই দিনটোত বাক্সাৰ গুৱাবাৰীত ৰাইজৰ দ্বাৰা চেনিটাইজেশ্যন কৰা পৰিলক্ষিত হয় ৷ অঞ্চলটোৰ ৰাইজে কৰ’ণা ভাইৰাছৰ পৰা সাৰি থাকিবলৈ এইদৰে অঞ্চলটো পৰিস্কাৰ কৰা দেখা যায় ৷

Sanitaization by Public
ৰাইজৰ দ্বাৰা চেনিটাইজেশ্যন

By

Published : Mar 31, 2020, 10:05 PM IST

বাক্সা,31 মাৰ্চঃ কৰ’ণা ভাইৰাছে দিনকদিনে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ ভিন্ন অঞ্চলৰ ৰাইজ ভাইৰাছবিধৰ পৰা সাৰি থাকিবলৈ যথেষ্ঠ সষ্টম হোৱা দেখা গৈছে ৷ নগৰাঞ্চলৰ অঞ্চলসমূহ পৰিস্কাৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে গ্ৰাম্যাঞ্চলসমূহ এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰত নাগ্ৰীজুলি আৰক্ষী আৰু বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত কেইবাখনো গাঁৱৰ লগতে বজাৰ চৌহদ চেনিটাইজেশ্যন কৰা হয় । নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত আৱৰ্জনা থকা ঠাইসমূহ পৰিষ্কাৰ কৰি চেনিটাইজেশ্যন কৰা পৰিলক্ষিত হয় বৃহত্তৰ অঞ্চলটোত । প্ৰতিজন লোকে প্ৰায় ১ মিটাৰ দূৰত্ব বজাই ৰাখি দোকান,স্থানীয় স্বাস্থ্য কেন্দ্ৰ,গাঁও অঞ্চলৰ পথ সমূহ চেনিটাইজেশ্যন কৰে ।

গুৱাবাৰীত ৰাইজৰ দ্বাৰা চেনিটাইজেশ্যন

ABOUT THE AUTHOR

...view details