অসম

assam

ETV Bharat / state

বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য - সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে সদায় কাম কৰি যাম বলি উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই ৷

Samjjal Bhattacharya attend baksa district  aasu annual conference
বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

By

Published : Nov 14, 2020, 3:26 PM IST

বৰমা, 14 নৱেম্বৰ:আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য শুকুৰবাৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশনত অংশ গ্ৰহণ কৰে ৷ আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত এখন স্মৰণিকাও উন্মোচন কৰা হয় ৷ স্মৰণিকাখন উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই ৷ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ যোগেন চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷

বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই সাংবাদিকক কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱে মোৰ কাম ৷ দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই সদায় কাম কৰি যাম ৷ আছু আছু হৈয়ে থাকিব ৷ নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব ৷ এইটো ৰাইজে বিচৰা কথা ৷ বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল চব মিছা ৷ নিৰ্বাচনৰ আগত দলটোৱে কৈছিল, বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব ৷ এতিয়া কৈছে টালি টোপোলা বান্ধি আহিব লাগিব ৷ অসম চুক্তিক উলংঘা কৰি "কা" আমাৰ ওপৰত জাপি দিছে ৷ খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘনকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিল এখন আমাৰ ওপৰত জাপি দিছে ৷ এই বিষয় কেতিয়াও মানি ল’ব পৰা কথা নহয় ৷ চৰকাৰৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য ৷ চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ গৃহমন্ত্ৰীয়ে প্ৰতিবেদনৰ দাড়ি কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ কিন্তু নকৰিলে ৷ ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য ৷

বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

আনহাতে শিক্ষাৰ সন্দৰ্ভত ড0 ভট্টাচাৰ্য্যই কয় যে, যেতিয়ালৈকে প্ৰাথমিক শিক্ষাৰ ভেঁটি সুদৃঢ় নহয় তেতিয়ালৈকে শিক্ষাৰ ভেঁটি দৃঢ় নহ’ব ৷ চৰকাৰে শিক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ অসমীয়া ভাষা অসমৰ মুল ভাষা হোৱাৰ লগতে বড়ো, কাৰ্বি, ৰাভা এইবোৰ সহযোগী ভাষাৰ স্বীকৃতি দিব লাগিব বুলি কয় ভট্টাচাৰ্য্যই ৷

লগতে পঢ়ক:সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

ABOUT THE AUTHOR

...view details