অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত RSETI ৰ উদ্যোগত বিউটি পাৰ্লাৰ প্ৰশিক্ষণ - কুমাৰীকাটা

বাক্সাৰ কুমাৰীকাটাত RSETIৰ উদ্যোগত মহিলাসকলক বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণ দিয়া হৈছে । বৃহস্পতিবাৰে এই প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰা হয় । প্ৰায় ২৫ গৰাকী যুৱতী-মহিলাক প্ৰশিক্ষণ দিয়া হ'ব ।

বাক্সাৰ কুমাৰীকাটাত RSETIৰ উদ্যোগত বিউটি পাৰ্লাৰ প্ৰশিক্ষণ
বাক্সাৰ কুমাৰীকাটাত RSETIৰ উদ্যোগত বিউটি পাৰ্লাৰ প্ৰশিক্ষণ

By

Published : Oct 8, 2020, 5:07 PM IST

বাক্সা, ৮ অক্টোবৰ: ভাৰতীয় ষ্টেট বেংকৰ অধীনত নিবনুৱা যুৱক-যুৱতীৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ । এই প্ৰশিক্ষণ কেন্দ্ৰসমূহে স্থানীয় যুৱক-যুৱতীসকলক কাৰিকৰী প্ৰশিক্ষণ দি স্বাৱলম্বী হোৱাত উদগনি যোগাই আহিছে । বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটাতো গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগতো নিবনুৱা যুৱতী-মহিলাসকলৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

বাক্সাৰ কুমাৰীকাটাত RSETIৰ উদ্যোগত বিউটি পাৰ্লাৰ প্ৰশিক্ষণ

বৃহস্পতিবাৰে খাদী গ্ৰাম্যোদ্যোগ বিদ্যালয়ত স্থাপন কৰা গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰে কেন্দ্ৰটোৰ এল ডি এম ৰাজ কুমাৰ দাসে । অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক নকুল চন্দ্ৰ ব্ৰহ্ম, বিউটি পাৰ্লাৰ মেনেজমেণ্ট ট্ৰেইনিঙৰ প্ৰশিক্ষক কবিতা বড়ো, কুমাৰীকাটা খাদী গ্ৰাম্যোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল কুমাৰ চাহা, উপ-অধ্যক্ষ যতীন চৰকাৰৰ লগতে কুমাৰীকাটা RSETIৰ পৰিচালক সুনীল ব্ৰহ্ম ।

৩০ দিনৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। আনহাতে, উক্ত প্ৰশিক্ষণৰ বাবে প্ৰায় ২৫ গৰাকী যুৱতী-মহিলাক নিৰ্বাচিত কৰিছে গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্তৃপক্ষই । প্ৰশিক্ষণৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে কুমাৰীকাটা গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক সুনীল ব্ৰহ্মই ।

লগতে পঢ়ক:বিমানৰ ভিতৰতে দেৱশিশুৰ জন্ম

ABOUT THE AUTHOR

...view details