অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে বাক্সাত ৰাইজৰ মাজত সজাগতা সৃষ্টি পৰিবহণ বিভাগৰ

18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে শনিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত বাক্সা জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এক বিশেষ পদক্ষেপ ।

road-safety-awareness-programme-in-baksa
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে বাক্সাত ৰাইজৰ মাজত সজাগতা সৃষ্টি পৰিবহণ বিভাগৰ

By

Published : Jan 23, 2021, 7:34 PM IST

বাক্সা, 23 জানুৱাৰী :সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে শনিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত বাক্সা জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এক বিশেষ পদক্ষেপ ।

জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাৰ মন্তব্য

মুছলপুৰৰ ৰাজপথত হেলমেট পৰিধান নকৰা আৰু চিটবেল্ট ব্যৱহাৰ নকৰা ব্যক্তিক সজাগ কৰাৰ মানসেৰে এপাহি ৰঙা গোলাপৰ লগতে প্ৰদান কৰা হয় একোখনকৈ সজাগতা পত্ৰ । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ সংখ্যা বেছি হোৱা হেতুকে পৰিবহন বিভাগে এনেকুৱা ধৰনৰ সজাগতা অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কয় জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই । অকল এয়াই নহয়, দুৰ্ঘটনাৰ পৰিমান হ্ৰাস কৰাৰ বাবে জিলা পৰিবহণ বিভাগে বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচীও দীৰ্ঘদিন ধৰি ৰূপায়ন কৰি আহিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বাক্সা জিলা পৰিবহণ বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক :ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ABOUT THE AUTHOR

...view details