অসম

assam

ETV Bharat / state

বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি - যোগান বিভাগ

ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে বাক্সাত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক জ্বলা-কলা খুৱাইছে । জিলা প্ৰশাসন আৰু অসামৰিক যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যবসায়ীয়ে নিজৰ ইচ্ছামতে মূল্য বৃদ্ধি কৰি ৰাইজক লুণ্ঠন চলাই আছে । এই ক্ষেত্ৰত নিদ্ৰামগ্ন যোগান বিভাগে বজাৰসমূহ পৰিদৰ্শন কৰি অসাধু ব্যৱসায়ী সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সঠিক মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে বাক্সাবাসী ৰাইজে ৷

reduce-price-in-daily-essential-foods
বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি:সমস্যাত সাধাৰণ ৰাইজ

By

Published : May 8, 2021, 3:33 PM IST

বাক্সা,8মে':ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে বাক্সা জিলাত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক জলা-কলা খুৱাইছে । বিশেষকৈ জিলাখনৰ সদৰ মুছলপুৰ,বৰমা,তামুলপুৰ,জালাহ আদি ঠাইত দহৰ পৰা পোন্ধৰ দিন আগলৈকে মিঠাতেলৰ পাইকাৰী বজাৰ মূল্য আছিল ১৫০ টকা প্ৰতি লিটাৰ, প্ৰতি কিলো মচুৰ দাইল ৭৫ টকা আৰু মগু দাইল ৯৫ টকা । কিন্তু আজিৰ দিনত এক লিটাৰ মিঠাতেলৰ পাইকাৰী মূল্য ১৭০ টকা আৰু খুচুৰা বজাৰত ১৮০-১৯০ টকা,মচুৰ দাইলৰ পাইকাৰী মূল্য ৮০-৮৩ টকা আৰু খুচুৰা বজাৰত ৯০-৯৫ টকা আৰু মগু দাইল পাইকাৰী মূল্য কিলো প্ৰতি ১০৫ টকা আৰু খুচুৰা মূল্য ১২০ টকালৈ বৃদ্ধি পায় ।

ঠিক সেইদৰে আলুৰ পাইকাৰী মূল্য ১০-১৩ টকাৰ বিপৰীতে খুচুৰা বজাৰত ২০ টকাকৈ, পিঁয়াজৰ পাইকাৰী মূল্য ২০ টকাৰ বিপৰীতে খুচুৰা বজাৰত ২৫-৩০ টকালৈ বৃদ্ধি পায় ৷ মুঠৰ ওপৰত বৰ্তমান জিলাখনৰ জনতাই প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ কিলো প্ৰতি ১৫-২০ টকাকৈ অতিৰিক্তভাৱে দিব লগাত পৰিছে । মূলতঃ ব্যৱসায়ী সকলে নিৰ্বাচনৰ বাবেই এই মূল্য বৃদ্ধি ঘটা বুলি উল্লেখ কৰিছে ৷

বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি:সমস্যাত সাধাৰণ ৰাইজ

আনহাতে, আলু-পিঁয়াজৰ ক্ষেত্ৰতো একাংশ অসাধু লোকে কৃত্ৰিম নাটনি দেখুৱাই নিজৰ ইচ্ছামতে প্ৰতিদিনে মূল্য বৃদ্ধি কৰাৰ অভিযোগ উঠিছে । জিলা প্ৰশাসন আৰু অসামৰিক যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যবসায়ীয়ে ব্ৰইলাৰ, কুকুৰাৰ মাংস, ছাগলী মাংস, চালানী মাছ, কণী আদিত নিজৰ ইচ্ছামতে মূল্য বৃদ্ধি কৰি ৰাইজক লুণ্ঠন চলাই আছে । ক'ভিড 19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ নীতি-নিয়ম তথা বিগত বৰ্ষৰ লক ডাউনৰ ফলত সাধাৰণ ৰাইজে অৰ্থনৈতিক সংকটত ভুগিছে ৷

তাৰ মাজতে পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে মাছ-মাংস,ফল-মূল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধি হৈছে । গতিকে এই ক্ষেত্ৰত নিদ্ৰামগ্ন যোগান বিভাগে বজাৰসমূহ পৰিদৰ্শন কৰি অসাধু ব্যৱসায়ী সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সঠিক মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে বাক্সাবাসী ৰাইজে ৷ ইয়াৰোপৰি সামগ্ৰী মজুতকৰণ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি সেই মূল্য তালিকা প্ৰতিখন দোকানৰে সম্মুখত আঁৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক:কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী: দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details