বাক্সা, 25 মে': সমাগত ভৰ বাৰিষা ৷ বাৰিষাৰ আগমনৰ লগ লগে বাক্সা জিলাৰ গোৰেশ্বৰৰ নিজকোছুলা গাঁৱৰ পশ্চিম দিশে বৈ যোৱা পুঠীমাৰী নৈৰ খহনীয়াই বিপদ মাতিছে গাঁওখনৰ দুটা চুবুৰীলৈ ৷ পুঠীমাৰী নৈৰ খহনীয়াৰ ফলত গাঁওখনৰ মাজেৰে বৈ যোৱা এটা জুৰিৰে পানী সোমাই ইতিমধ্যে বুৰাই পেলাইছে নিজকোছুলা গাঁৱৰ জগত চুবুৰী আৰু গোজামাৰী চুবুৰীৰ বিস্তীৰ্ণ কৃষিভূমি ৷ বিভাগীয় কৰ্তৃপক্ষক গাঁওবাসীয়ে বহুবাৰ অনুৰোধ কৰাৰ পিছতো পুঠীমাৰী নৈৰ খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
পুঠিমাৰী নৈৰ ভাবুকিঃ জাহ যাব নেকি গোৰেশ্বৰৰ কিছু অঞ্চল ! - Puthimari river has brought threat
পুঠীমাৰী নৈৰ খহনীয়াৰ ফলত গাঁওখনৰ মাজেৰে বৈ যোৱা এটা জুৰিৰে পানী সোমাই ইতিমধ্যে বুৰাই পেলাইছে নিজকোছুলা গাঁৱৰ জগত চুবুৰী আৰু গোজামাৰী চুবুৰীৰ বিস্তীৰ্ণ কৃষিভূমি ৷
উল্লেখ্য যে, ৰঙিয়া বিধানসভাৰ অন্তৰ্গত গাঁৱখনৰ বাসিন্দা সকলক প্ৰতিটো বাৰিষাতে জুৰুলা কৰি আহিছে পুঠিমাৰী নৈয়ে ৷ বিগত বাৰিষাৰ বানপানী পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰী ভৱেশ কলিতাই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ মত, সময় থাকোতেই যদি চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই পুঠীমাৰী নৈৰ খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে হয়টো এই বাৰিষাতে নৈখনৰ বুকুত জাহ যাব নিজকোছুলা গাৱৰ জগত চুবুৰী আৰু গোজামাৰী চুবুৰী ৷ গতিকে অতি শীঘ্ৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ নলবাৰীৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত ডাঃ বসন্ত বৈশ্য