অসম

assam

By

Published : Jun 29, 2020, 8:00 PM IST

ETV Bharat / state

পুত্তলিকা দাহেৰে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

গোৰেশ্বৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ লগতে প্ৰতিবাদী দলটোৱে প্ৰধানমন্ত্ৰী আৰু পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ কৰে ৷

Protest of AJYCP due to price hike of petrol diesel tamulpur baksa assam etv bharat news
পুত্তলিকা দাহ

তামুলপুৰ,29 জুন:বাক্সা জিলাৰতামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ আৰু নাওকাটাত পৃথকে পৃথকে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে প্ৰধানমন্ত্ৰীৰ লগতে পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ । সংগঠনটোৱে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী হায় হায়, পেট্ৰ’লিয়াম মন্ত্ৰী হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ

শীঘ্ৰে চৰকাৰে ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী দলটোৱে ৷ সাম্প্ৰতিক সময়ত কৰ’ণা ভাইৰাছে জনসাধাৰণক কোঙা কৰাৰ মাজতেই চৰকাৰে মূল্যবৃদ্ধিৰে পুনৰ জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃপেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ চৰকাৰ, কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details